ক’ৰনাত আক্ৰান্ত এচিয়াৰ দেশসমূহৰ ভিতৰত প্ৰথমস্থানত ভাৰত..

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ মে, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ক’ৰনাত আক্ৰান্ত সৰ্বাধিক দেশৰ নৱম স্থানলৈ উৰ্দ্ধমুখী হৈছে ভাৰত। তিনিটা দিনৰ পূৰ্বে ইৰানক চেৰ পেলাই দশম স্থান দখল কৰা ভাৰত আজি নৱম স্থানত। কেৱল এয়াই নহয়, এচিয়াৰ ভিতৰত ক’ৰনাত সৰ্বাধিক আক্ৰান্ত হোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত হৈছে ভাৰত।

ৱল্ড অ্ মিটাৰ আৰু জন হপকিন্স ইউনিভাৰচিটিৰ মতে, ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,৬৫, ৮২৯জন। নৱম স্থানত থকা তুৰ্কীক চেৰ পেলাইছে ভাৰতে। বিশেষজ্ঞসকলে আগন্তুক দুই-তিনি দিনত যদি এইদৰে বৃদ্ধি হৈ থাকে তেন্তে ভাৰতে জাৰ্মানী আৰু ফান্সকো চেৰ পেলোৱাৰ আশংকা ব্যক্ত কৰিছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *