শিৱসাগৰ জিলা আহোম সভাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন
ডিজিটেল ডেস্ক, বিতৰ্ক, ২৭ মে, শিৱসাগৰ :: বিশ্বজুৰি হৈ থকা মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত জাৰি হৈ থকা লকডাউনৰ সুযোগ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ তৈলক্ষেত্ৰসমুহ ব্যক্তিগতকৰণ কৰা , দিহিং পাটকাই আৰু ডিব্ৰুচৈখোৱা বনাঞ্চলত চৰকাৰে কয়লা খননৰ অনুমতি প্ৰদানৰ বাবে শিৱসাগৰ জিলা আহোম সভাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আজি বিয়লি শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি সমীপৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰাঙ্গনত সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।