শিৱসাগৰ আৰু চৰাইদেউৰ পুনৰ ১০জনকৈ আক্ৰান্তক চিনাক্তঃ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি হৈছে প্ৰথমজন ক’ৰনা আক্ৰান্ত

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৭ মে, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে অসমতো। অসমত বৰ্তমানলৈকে ৭৭৪ জন ক’ৰনা আক্ৰান্তক চিনাক্ত কৰাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৮৭ জন আক্ৰান্তই। ইয়াৰ লগতে ৪ জনৰ মৃত্যু ঘটাৰ লগতে অন্য ৩জন আক্ৰান্তক বদলি কৰা হৈছে নিজ ৰাজ্যলৈ।

আনহাতে আজি পুনৰ শিৱসাগৰৰ লগতে চৰাইদেউ জিলাত ১০জনকৈ নতুন ক’ৰনা আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে। ৰোগীসকল হৈছে ক্ৰমে বিতো ৰাজকোঁৱৰ(৩১), মণিৰাম কোঁৱৰ (৩৫), বিপিণ তাঁতী (৪০), বাব্লু কূৰ্মী (২৭), ৰক্তীম জ্যোতী গগৈ (২৫), ৰিন্তু বৈদ্য (২২), বিৰেণ গড়(৪০), জোণালী বৰগোহাঁই (২১), প্ৰদিপ গগৈ(৩০) আৰু পল্লব হাজৰিকা(২০) বুলি জানিব পৰা গৈছে। আনহাতে ইয়াৰে বিতো ৰাজকোঁৱৰক বৰ্তমান ৰখা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। এইটোৱেই হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰথমতো কেছ। জানিব পৰা মতে যুৱকজন চেন্নাইলৈ গৈছিল মাতৃৰ কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে। চেন্নাইৰ পৰা আহি বিগত কিছুদিন জিলাখনৰ এখন হোটেলত কোৱাৰেণ্টাইন হৈ আছিল। জিলা উপায়ুক্তই দিয়া তথ্য অনুসৰি চৰাইদেউ জিলাৰ বাকি ৯ গৰাকী আক্ৰান্তকো শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *