লকডাউনে জুৰুলা কৰিছে বিউটি পাৰ্লাৰকঃ ব্যৱস্থা গ্ৰহণৰ কৰাৰ বাবে আহ্বান চৰকাৰক
ডিজিটেল ডেস্ক, বিতৰ্ক, ২৬ মে, শিৱসাগৰ :: বর্তমান ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। পূর্বৰ প্রথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ল’ক ডাউনতকৈ এতিয়া শিথিল হৈ পৰিল লকডাউন। শ্রমজীৱি লোকৰ বাবে ই এক সকাহ। কিন্তু, ইয়াৰ মাজতে একাংশ ব্যৱসায়ীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হ’ব ধৰিছে। তেওঁলোক হৈছে বিউটি পাৰ্লাৰ অর্থাৎ সৌন্দৰ্য বিশেষজ্ঞ সকল আৰু তেওঁলোকৰ কর্মচাৰী সকল।
লকডাউনৰ বাবে বিগত দুমাহ ধৰি বন্ধ হৈ আছে বিউটি পাৰ্লাৰ সমূহ। একো একো খন বিউটি পাৰ্লাৰ খুলি নিজৰ জীৱিকা উপাৰ্জনৰ একমাত্ৰ আহিলা হিচাপে জীৱন নিৰ্বাহ কৰি থকা পুৰুষ, মহিলা সকল উভয়ে এতিয়া সমস্যাৰ সন্মুখীন হৈছে। কাৰোবাৰ যদি লোন আছে, আন কাৰোবাৰ আকৌ পাৰ্লাৰ গৃহৰ মাহিলী ভাড়া, পৰিয়াল চলোৱা ক্ষেত্রত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে আজি হাতে হাতে প্লেকার্ড লৈ বিউটি পাৰ্লাৰ মালিক তথা কর্মচাৰীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে তেওঁলোকৰ এই পেছাটোৰ প্রতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰি শীর্ঘ্রে কিবা এটা ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে চৰকাৰক।