প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি প্ৰকাশ হৈছে মোডী আৰতিঃ শীঘ্ৰেই নিৰ্মাণ হ’ব বিশাল মূৰ্তি

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৬ মে, শিৱসাগৰ :: প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা তথা আক্ৰান্ত ৰোগীক সুস্থ কৰি তোলাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা সকলো পদক্ষেপক প্ৰশংসা কৰি ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰাখণ্ডৰ বিষয়ববীয়া আৰু কায্যকৰ্তাই লিখিছে ‘মোদী আৰতি’। এই মোদী আৰতি ভগৱান হনুমানৰ আৰতিৰ দৰেই লিখা হৈছে আৰু ইয়াত প্ৰকাশ কৰা হৈছে কেনকৈ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে আমেৰিকাক মহামাৰীৰ সময়ত হাইড্ৰক্সিক্ল’ৰ’কুইন টেবলেটৰে সহায় কৰিছিল। আৰতিত প্ৰধানমন্ত্ৰী মোডীক ৰাম মন্দিৰ আৰু জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বাবে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে আৰু দেশত দুৰ্নীতি হ্ৰাস কৰাৰ বাবেও প্ৰশংসা কৰা হৈছে।

এটা ৱেব পৰ্টেলত প্ৰচাৰিত বাতৰি অনুসৰি এই বিশেষ মোদী আৰতি লিখি উলিয়াইছে ড° ৰেণু পন্তয়ে। উল্লেখ্য যে এই আৰতি ২২ মে’ত অনুষ্ঠিত এখন সভাত ৰাইজৰ বাবে উছৰ্গিত কৰা হয়। এই আৰতি উছৰ্গিত কৰাৰ অনুষ্ঠানৰ আয়োজন কৰিছিল মচুৰীৰ বিজেপি বিধায়ক গণেশ যোশীয়ে আৰু উত্তৰাখণ্ডৰ উচ্চ শিক্ষা মন্ত্ৰী ধন সিং ৰাৱটো সেই অনুষ্ঠানত উপস্থিত আছিল। ইফালে এই ক্ষেত্ৰত বিজেপিৰ বিধায়ক গণেশ যোশীয়ে কয় যে মই প্ৰতিদিনে নৰেন্দ্ৰ মোডীক পূজা কৰো আৰু তেখেতে মোক ধনাত্মক শক্তি প্ৰদান কৰে। যদি মই তেওঁক পূজা কৰো, তাত মই কিবা ভুল কাম কৰিছোঁ নিকি? বিজেপিৰ বিধায়ক গণেশ যোশীয়ে আৰু কয় যে ক’ৰনা মহামাৰীৰ সমস্যা দেশত শেষ হোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা মূৰ্তি নিৰ্মাণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *