অসমত এটা দিনতেই সৰ্বাধিক নতুন আক্রান্তক চিনাক্তঃ অধিক ভয়াবহ হোৱাৰ দিশে অসম

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৬ মে’, গুৱাহাটী :: ৰঙা চীনৰ পৰা প্রাদুর্ভাৱ ঘটি সমগ্র বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছত আক্রান্তৰ সংখ্যা ৰাজ্যত দ্রুতগতিত বৃদ্ধি পাব ধৰিছে৷ আক্রান্তৰ সংখ্যাক লৈ শেহতীয়া দিনকেইটাত সৃষ্টি হৈছে ইটোৰ পাছত সিটোকৈ ভয়ংকৰ অভিলেখ৷ মহামাৰীৰ বিভীষিকা অব্যাহত ৰাখি অসমত এটা দিনতেই ১৪৭ গৰাকী নতুন আক্ৰান্তক চিনাক্ত কৰা হৈছে৷ বৰ্তমান অসমত ক’ৰনা আক্রান্তৰ সংখ্যা ৫৪৮জনলৈ বৃদ্ধি পালে৷ যোৱা কালি পজিটিভ পোৱাসকলৰ ভিতৰত সর্বাধিক ৫৯জন গোলাঘাট জিলাৰ৷ তাৰ পাছতেই আছে কৰিমগঞ্জ জিলা৷ বৰাক উপত্যকাৰ জিলাখনৰ ২১জনৰ দেহত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে এদিনতে৷ সেইদৰে লখিমপুৰ জিলাৰ ১৭জন, ধেমাজি জিলাৰ ৪জন, নগাঁৱৰ ১জন, তিনিচুকীয়া জিলাৰ ২জন, শিৱসাগৰ জিলাৰ ৫জন, যোৰহাট জিলাৰ ১জন, কাছাৰ জিলাৰ ৫জন, হাইলাকান্দি জিলাৰ ৪জন, দক্ষিণ শালমাৰা জিলাৰ ৩জন, নলবাৰী জিলাৰ ২জন, মৰিগাঁও জিলাৰ ১জন, গোৱালপাৰা জিলাৰ ১জন, কামৰূপ (মহানগৰ) জিলাৰ ৭জন, কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ ৬জন আৰু গুৱাহাটীৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৮জন ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে৷

ইফালে ৰাজ্যত বহিঃৰাজ্যৰ পৰা পুনৰ অসমলৈ ৮ হাজাৰ লোক আহিব বুলি খবৰ পোৱা গৈছে৷ ক’ৰনা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে ৰে’লযোগে আহিব লগা এই ৮ হাজাৰ লোকক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। ইতিমধ্যে বহিঃৰাজ্যত সংক্রমিত হৈ অহা লোকৰ সংখ্যা পাঁচ শতাধিক অতিক্রম কৰাৰ সময়তে ৮ সহস্রাধিক ৰে’লযাত্রীৰ আগমনৰ ফলত ৰাজ্যৰ পৰিস্থিতিয়ে কি ৰূপ লয়, তাক লৈ উদ্বিগ্ন ৰাজ্যৰ প্রশাসন যন্ত্ৰ৷ এই সন্দর্ভত আজি স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ মন্তব্য কয় যে অহা এসপ্তাহ–দহ দিনলৈ ৰাজ্যৰ পৰিৱেশ কঠিন হৈ থাকিব৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিশেষ শ্রমিক এক্সপ্রেছৰ জৰিয়তে ভিন্ন প্রান্তৰ পৰা এই লোকসকলে যাত্রা কৰিছে যদিও ঘূর্ণী বতাহৰ বাবে ৰে’লসেৱা কিছু বিলম্ব হোৱাত অহা দুদিনৰ ভিতৰত ৰে’লকেইখন অসম আহি পাব৷ এই সময়ছোৱা যথেষ্ট জটিল হোৱাটো নিশ্চিত৷ মন কৰিবলগীয়া যে বিগত দিনকেইটাত বহিঃৰাজ্যৰ পৰা যান–বাহন আৰু পদব্রজে অসমলৈ প্রায় ৪০ হাজাৰ লোকৰ আগমন ঘটিছে৷ এই লোকসকলৰ মাজৰ পৰাই যোৱাকেইদিনত ৯০ শতাংশ ক’ৰনা আক্রান্ত ৰোগী চিনাক্ত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *