সুখবৰ! হোমিঅ’পেথিক ঔষধেৰে ভূপালত সুস্থ হ’ল ৩গৰাকী ক’ৰনা ৰোগী

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৫ মে, গুৱাহাটী :: মধ্যপ্ৰদেশৰ ভূপালত প্ৰথমবাৰলৈ হোমিঅ’পেথিক পদ্ধতিৰে ক’ৰনাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে চিকিৎসক। উল্লেখ্য যে ১৩মে’ত ক’ৰনাৰ পাতলীয়া লক্ষণযুক্ত ৰোগীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। এই ৰোগীসকলৰ চিকিৎসা হোমিঅ’পেথিক পদ্ধতিৰে ভূপালৰ গৱৰ্নমেণ্ট হোমিঅ’পেথিক মেডিকেল কলেজ এণ্ড হাস্পতালত কৰোৱা হৈছিল। চিকিৎসাৰ পিছত সকলো ৰোগীক দহদিনৰ পিছত পৰীক্ষা কৰা হৈছিল। টেষ্টত সকলো ৰোগী সুস্বাস্থ্যৱান পোৱা গ’ল। এইকাৰণে আটাইকেইজন ৰোগীক কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইডলাইন মতে ছুটী দিয়া হয়।

হোমিঅ’পেথিক চিকিত্‍সালয়ৰ চিকিৎসকৰ দলৰ লগতে অধীক্ষক ডাঃ সুনীতা টোমৰে জনায় যে, সম্পূৰ্ণ সুস্থ হৈ উঠা তিনিজন ৰোগীক ডিচাৰ্জ কৰা হয়। ডাক্টৰ টোমৰে কয় যে, ৰোগীসকলৰ ভিতৰত এগৰাকী মহিলাৰ বয়স ৪৫বছৰ, দুজন পুৰুষৰ বয়স ৫০ তথা ২৭। যোৱা ১৩ মে’ত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকৰ দলে সফলতাৰে হোমিঅ’পেথিক ঔষধ (Bryonia alba 200, Arsenic album 200, Kali Carb 200, Pulsatilla 30) ৰ জৰিয়তে তেওঁলোকৰ চিকিৎসা কৰে আৰু লগতে ভৰ্তি হোৱা ৰোগীসকলক ছচিয়েল ডিচটেনশ্যিং তথা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে বুজোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *