শিৱসাগৰ আমগুৰি যুৱ জামাতে বিলালে জাকাত ফিটৰাৰ ১.১৩ লাখ টকা

বিশেষ প্ৰতিবেদক, বিতৰ্ক, ২৩ মে, শিৱসাগৰ :: শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি গাঁৱৰ যুৱ জামাতে বিভিন্ন সময়ত ব্যতিক্ৰমী কাৰ্যপন্থাই নিজৰ কৰ্মদক্ষতা দেখুৱাই জনসাধাৰণৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে। ক’ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ সময়ত আমগুৰি যুৱ জামাতে দৰিদ্ৰজনৰ কাষত থিয় হৈ প্ৰায় শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি সেই সকলৰ মুখত হাঁহি বিৰিঙোৱাৰ পাছত পবিত্ৰ ৰমজান মাহত আমগুৰি গাঁৱৰ ৰাইজৰ পৰা এক লাখ তেৰহাজৰ টকাৰ জাকাত ফিটৰাৰ অৰ্থ সংগ্ৰহ কৰি অঞ্চলটোৰ অতিকৈ দৰিদ্ৰ তেৰঘৰ ব্যক্তিৰ মাজত সংগ্ৰহ কৰা সমুদায় ধন বিতৰণ কৰে।

উল্লেখযোগ্য যে বিগত সময়ত আমগুৰি যুৱ জামাতে সমীপৰ জোলা গাওঁৰ তপন শইকীয়া নামৰ যুৱকজনৰ বৃক্ক জনীত অসুখত ভোগাত তেওঁক এক লক্ষ্যাধিক টকা সংগ্ৰহ কৰি তেওঁৰ চিকিৎসাৰ বাবে পৰিয়ালৰ হাতত অৰ্পণ কৰে। তদুপৰি যুৱ জামাতৰ সদস্যসকলে অঞ্চলতোৰ দৰিদ্ৰ ব্যক্তিক জাকাত ফিটৰা টকাৰে স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যেৰে একোখনকৈ বেটেৰী ৰিস্ক্সা আৰু ভাড়াঘৰ নিৰ্মাণ কৰি অঞ্চলটোৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ বাবেও কাম কৰা পৰিলক্ষিত হৈছিল। ইয়াৰোপৰি জামাতৰ সদস্যসকলে বিশ্বব্যাপী ধ্বংসৰ কাৰণ হৈ পৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লব লগীয়া সাৱধানতা সম্পৰ্কে একোখনকৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে অঞ্চলতোৰ লগতে ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত।

Leave a Reply

Your email address will not be published. Required fields are marked *