EMI ৰ ক্ষেত্ৰত পুনৰ সকাহ গ্ৰাহকলৈঃ RBIৰ গৱৰ্নৰে কি ঘোষণা কৰিলে চাওঁ আহক….

ডিজিটেল ডেস্ক, বিতৰ্ক, ২২ মে, গুৱাহাটী :: আৰবিআইৰ গৱৰ্নৰ শক্তিকান্ত দাসে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সাধাৰণ লোকক এটা সকাহ প্ৰদান কৰিছে। এই সকাহত প্ৰথমে EMIৰ মৰটেৰিয়াম অৰ্থাৎ EMI আগষ্ট মাহলৈকে আদায় নিদিয়াৰ সকাহ প্ৰদান কৰিছে। ইয়াৰ আগতে লকডাউনৰ আৰম্ভণিত তিনি মাহৰ মানে এই সুবিধা লাভ কৰিছিল গ্ৰাহকসকলকলে। ইয়াৰোপৰি ৰেপ’ ৰেটত ০.৪০শতাংশ কৰ্তন কৰা হৈছে। ইয়াৰ দ্বাৰা সাধাৰণ লোকৰ ইএমআই কম হ’ব। লগতে RBI–এ ৰিভাৰ্চ ৰেপ’ ৰেট ৩.৭৫শতাংশ হ্ৰাস কৰি ৩.৩৫ শতাংশ কৰিছে। আৰবিআইৰ গৱৰ্ণৰ গৰাকীয়ে কয় যে, মূল্যবৃদ্ধিৰ এতিয়াও ৪শতাংশৰ তলত থকাৰ সম্ভাৱনা আছে। কিন্তু লকডাউনৰ কাৰণে বহু সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব পাৰে।

জিডিপি গ্ৰ’থ ৰেট হ্ৰাস হোৱাৰ কাৰণে চিন্তা প্ৰকাশ কৰি তেওঁ কয়, চলিত বিত্তীয় বৰ্ষৰ জিডিপি গ্ৰ’থ ৰেট নিগেটিভ থাকিব। উল্লেখযোগ্য যে বিশ্বৰ বহুকেইটা বৃহৎ প্ৰতিষ্ঠানেও ইতিমধ্যে এই কথাৰ ঘোষণা কৰিছে। দেশৰ শীৰ্ষ ৬খন ৰাজ্য কোৰোণা ভাইৰাছৰ কাৰণে আৰ্থিকভাৱে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। এয়া দেশৰ অৰ্থব্যৱস্থাৰ ৬০শতাংশ। এই ৰাজ্যসমূহৰ বেছিভাগ ক্ষেত্ৰ ৰেড বা অ’ৰেঞ্জ জ’নত আছে। নিজৰ ক্ষেত্ৰত Consumption সকলোতকৈ কম হৈছে। সুতৰ হাৰত ০.৪০শতাংশ কৰ্তন কৰি ৪শতাংশ কৰা হৈছে। এই সিদ্ধান্তৰ ফলত হোমলোন, কাৰলোন, পাৰ্চনেল লোন সহ সকলো ধৰণৰ ঋণৰ ওপৰত ইএমআই সস্তা হৈ পৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মাৰ্চ মাহতো ৰেপ’ ৰেট ০.৭৫শতাংশ কৰ্তন কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *