শিৱসাগৰত বায়তুল মালৰ সাহাৰ্য্য বিতৰণ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২২ মে, শিৱসাগৰ :: শিৱসাগৰ নগৰৰ যমুনা ৰোডত অৱস্থিত শিৱসাগৰ প্ৰগেচিভ একাডেমীৰ প্ৰাংগনত বায়তুল মালৰ এখন সাহাৰ্য্য বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰবিত্ৰ ঈদ-ঊল-ফিতৰৰ প্ৰাকক্ষণত নগৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ ৫৬টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হয়।

নগৰৰ ধাইআলি, দৰবাৰফিল্ড, বাবুপত্তি, যমুনা ৰোড, ষ্টেচন চাৰি আলি, খাটপথাৰৰ ওপৰিও হাতীখোঁক, চেঙেলীবাৰী, মৰনৈকিনাৰ, জেঙনিকটীয়া, কুকুৰাপোহীয়া, জয়সাগৰ, নআলি আদি অঞ্চলৰ উল্লেখিত পৰিয়ালসমূহক এই সাহাৰ্য্য প্ৰদান কৰা হয়। অনুষ্ঠানত বায়তুল মাল, শিৱসাগৰৰ সম্পাদক ইছফাকুৰ ৰহমান, উপ সভাপতি চফিকুল হুছেইন, সহঃ সম্পাদক ইমৰান খান, শিৱসাগৰ দ্বিনী মাদ্ৰাছাৰ কাৰ্যকৰী সভাপতি ইমৰান ৰছুল, অৱসৰ প্ৰাপ্ত শিক্ষক আশ্ৰফুল মূজীদকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *