অবিভক্ত শিৱসাগৰত দুজন ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্তঃ ২০০ হবগৈ ক’ৰনা আক্ৰান্তৰ সংখ্যা

ডিজিটেল ডেস্ক, বিতৰ্ক, ২১ মে, শিৱসাগৰ :: প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাইছে ক’ৰনাত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত নতুনকৈ আকৌ ৮ জনৰ দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছৰ অৱস্থিতি। নতুনকৈ চিনাক্ত হোৱা সকলৰ ভিতৰত ৩ জন কোকৰাঝাৰৰ, ২ জনকৈ শিৱসাগৰ আৰু ধুবুৰীৰ আৰু ডিব্ৰুগড়ৰ এজন। এই কথা টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগে লগে ৰাজ্যত ১৯৯ জনলৈ বৃদ্ধি পালে ক’ৰনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। তাৰে ৫৪ জন সুস্থ হৈ উঠাৰ বিপৰীতে এতিয়াও চিকিত্‍সাধীন হৈ আছে ১৩৮ জন ৰোগী। ইফালে শিৱসাগৰৰ ব্যক্তি দুজন জিলাখনৰ চৰাইদেউৰ বিমলা দেৱী(৩৫) আৰু ভাষ্কৰ লাহন(২৯) বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *