ঘন্টাত ১৬০ কি:মি: বেগেৰে আহি আছে আমফানঃ পশ্চিমবংগত বিস্তৰ ক্ষতি সাধন

ডিজিটেল ডেস্ক, বিতৰ্ক, গুৱাহাটী :: ঘন্টাত ১৬০ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ আমফান। ইতিমধ্যে এই ঘূৰ্ণীবতাহজাকৰ ফলত পশ্চিমবংগ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। প্ৰতিঘন্টাত ১৬০ৰপৰা ১৮০ কিলোমিটাৰ বেগত অহা এই ধুমুহাই কলকাতা বিমানবন্দৰ পৰ্যন্ত ক্ষতিগ্ৰস্ত কৰি তুলিছে। ৰাজ্যখনত এই ঘূৰ্ণীবতাহৰ ফলত কিমান ক্ষতিগ্ৰস্ত হৈছে তাৰ প্ৰকৃত হিচাপ ওলাবলৈ এতিয়াও বাকী আছে। আমফানৰ আটাইতকৈ অধিক প্ৰভাৱ পশ্চিমবংগৰ উত্তৰ ২৪পৰগনাত, দক্ষিণ ২৪পৰগনা, মিদানপুৰ আৰু কলকাতাত পৰিছে।

আনহাতে ধুবুৰীৰ দক্ষিণ-পূব দিশত ঘণ্টাত ১১০ কিলোমিটাৰ গতি বেগত আমফান ঘূৰ্ণি বতাহে প্ৰৱেশ কৰি ৬ ঘণ্টাৰ ভিতৰত বাংলাদেশৰ দক্ষিণ -পূব দিশত শক্তিহীন হ’ব বুলি জানিব পৰা গৈছে।অৱশ্যে হ্ৰাস পাব চুপাৰ চাইক্লন আমফান ঘূৰ্ণী বতাহৰ প্ৰকোপ। পশ্চিম বংগ আৰু ওড়িশাত ধ্বংসলীলা চলোৱা আমফান ঘূৰ্ণীবতাহৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰলয়ংকাৰী প্ৰভাৱ নপৰে যদিও বতাহ–বৰষুণে প্ৰতিকুল পৰিৱেশৰ সৃষ্টি ইতিমধ্যেই কৰিছে ঠায়ে ঠায়ে। বৃহস্পতি বাৰে অসম আৰু মেঘালয়ৰ পশ্চিম দিশত প্ৰায় ৫০/৬০ কিলোমিটাৰ গতি বেগত ধুমুহা অহাৰ লগতে আজিৰ দিনটোত অসম, মেঘালয়ৰ আৰু অৰুণাচল প্ৰদেশৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ পূৰ্বানুমান। এই আগজাননী সদৰি কৰিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *