সাংসদ তপন কুমাৰ গগৈৰ উন্নয়ন পুঁজিৰ অধীনত ধন মঞ্জুৰী পত্ৰ বিতৰণ আৰু আঁচনিৰ উদ্বোধন
বিশেষ প্ৰতিবেদক, বিতৰ্ক, ২০ মে, শিৱসাগৰ ::যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি জিলাৰখনৰ ১১ খন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰাৰ লগতে আঁচনি সমূহৰ একেলগে শুভ উদ্বোধন কৰে। উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক সভাত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত সাংসদ গৰাকীয়ে ১০১৯-২০ বৰ্ষৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত বিভিন্ন আঁচনিৰ বাবে আবন্টিত পুঁজিৰ আজি ৬০ শতাংশ ধন মঞ্জুৰী পত্ৰৰ যোগেদি বিতৰণ কৰি এই অনুষ্ঠান-প্ৰতিষ্ঠান সমূহক কাম সমূহ যথাসম্ভৱ সোনকালে শেষ কৰিবলৈ আহ্বান জনায়। কামসমূহ সম্পূৰ্ণ হলে তেওঁ নিজে প্ৰতিখন অনুষ্ঠান-প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব বুলিও উল্লেখ কৰে।
ধন মঞ্জুৰী পত্ৰ প্ৰদান কৰা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ আৰু এই সমূহৰ বাবে আবন্টিত পুঁজিৰ বিৱৰণ এনেধৰণৰ: শিৱসাগৰ মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, গড়গাঁও মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, পিয়লি ফুকন ষ্টেডিয়ামৰ বাবে ১০ লাখ টকা, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, ডিমৌ কণিষ্ঠ মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ বাবে ১০ লাখ টকা, ডিমৌ জীম ভৱনৰ বাবে ১০ লাখ টকা, ডিমৌ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ বাবে ৫ লাখ টকা আৰু খেমদৈ শংকৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ বাবে ৩ লাখ টকা। সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিও উপস্থিত থাকে।