শিৱসাগৰত এটিএম সমূহত গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৯ মে, শিৱসাগৰ :: ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে চলি থকা দেশজোৰা লকডাউনৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰিছে শিৱসাগৰৰ কেতবোৰ চৰকাৰী-বেচৰকাৰী বেংকে। বেংকৰ সন্মুখত হেণ্ডৱাচ, চাবোন, পানী ৰখাৰ বিপৰীতে বেংক সমূহৰ এ টি এমত কোনো ধৰণৰ চেনিটাইজাৰৰ ব্যৱস্থা কৰা দেখা নাই। শিৱসাগৰৰ এছ বি আইকে ধৰি সকলো চৰকাৰী বেচৰকাৰী বেংকৰ এ টি এমত নাই চেনিটাইজাৰৰ ব্যৱস্থা।

যাৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে শিৱসাগৰবাসী ৰাইজ। গ্ৰাহকৰ অভিযোগ বেংকে এ টি এমৰ পৰা ধন উলিয়ালে তাৰ বিনিময়ত একাউন্টৰ পৰা পইচা লয়। কিন্তু ক’ৰনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে বেংকে গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ কৰি আহিছে। এ টি এম সমূহ চেনিটাইজ কৰাটো দূৰৰে কথা,  এ টি এমৰ ভিতৰত বাহিৰত সাধাৰণ হাত ধোৱাৰ ব্যৱস্থাও নাই।সুৰক্ষাৰ বাবে বেংকসমূহে এ টি এম সমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনক বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনাইছে জিলাখনৰ সচেতন মহলে।

Leave a Reply

Your email address will not be published. Required fields are marked *