অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিৰুদ্ধে গৰিহণা ঐক্য সেনা অসমৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৯ মে, শিৱসাগৰ :: বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমান্বয়ে অতি দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিততে ক্ৰমাগত চতুৰ্থ বাৰৰ বাবে দেশত জাৰি হৈছে লকডাউনৰ। কিন্তু এই লকডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰখনে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো আঠখনকৈ তৈলক্ষেত্ৰ বৃহৎ পুঁজিপতি বণিক গোষ্ঠীৰ হাতত গতাই দিয়াৰ কাৰ্যক তীব্ৰ সমালোচনা কৰিছে ঐক্য সেনা অসমে।

সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্য্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে লকডাউনৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন প্ৰতিষ্ঠান অ’এনজিচি অসম সম্পদৰ অধীনৰ প্ৰচুৰ সম্ভাৱনা সম্পন্ন আঠখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ আৰত এক বৃহৎ ষড়যন্ত্ৰ আছে বুলি উল্লেখ কৰে। হাজৰিকাই লগতে উল্লেখ কৰে যে বৰ্তমানেও কাৰ্যক্ষম হৈ থকা তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্য্যত অ’এনজিচিৰ একাংশ উচ্চপদস্থ বিষয়া আৰু অসম বিৰুধী চক্ৰ জৰিত হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত পৰিহাৰ নকৰিলে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ বাবে ঐক্য সেনা অসমে তীব্ৰ গণ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *