শিৱসাগৰত গাঁওৰক্ষী বাহিনী-মহিলা আৰক্ষীৰ মাজত হেণ্ড চেনিটাইজাৰ-খাদী মাস্ক বিতৰণ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৮ মে, শিৱসাগৰ :: অসম ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে শিৱসাগৰ সমষ্টিৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰি আহিছে। তেখেতে শিৱসাগৰ প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ মাজত চেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰাৰ পাছত নিজৰ জন্মদিনটোত শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ চেনিটাইজেচন কৰিছিল। আজি তেখেতে জয়সাগৰ থানাত উপস্থিত হৈ শলগুৰি, মগৰাহাট, ৰুদ্ৰসাগৰ আৰু ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত ২৪ খন গাঁওৰক্ষী সমিতিক একোটাকৈ হেণ্ড চেনিটাইজাৰ আৰু ১০ খনকৈ খাদী মাস্ক প্ৰদান কৰে। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় শিৱসাগৰ জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈৰ লগতে সমাজকৰ্মী ৰঞ্জিত দত্ত, তন্ময় শইকীয়া, উত্তম শইকীয়া আৰু ইপ্সিতা বৰুৱাই।

আনহাতে জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকনে কাৰ্যসূচী পালন কৰাত সহযোগিতা আগবঢ়ায়। তাৰ পাছতে মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা গৰাকীয়ে জয়সাগৰত অৱস্থিত বয়োজেষ্ঠৰ আশ্ৰমত থকা ১৫ গৰাকী ব্যক্তিৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু খাদী মাস্ক  প্ৰদান কৰে। তাৰোপৰি গগৈয়ে শিৱসাগৰ নগৰৰ কেইবাটাও স্থানত কৰ্মৰত ২০ গৰাকী মহিলা আৰক্ষীৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰে।  জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি তেখেতে কয় যে- প্ৰাথমিক সাৱধানতা হিচাপে আমি ৰাইজৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি আছোঁ । কভিড’-১৯ ক প্ৰতিহত কৰিবলৈ সকলোৱে মিলি যুঁজ দিব লাগিব বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে, শিৱসাগৰৰ জিয়ৰী লাকী গগৈয়ে কভিড’ -১৯ ৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবৰ বাবে চলোৱা কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *