পূজিপতিৰ হাতত তৈলক্ষেত্ৰ গতাই দিয়াৰ বিৰুদ্ধে গৰজি উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থা

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৮ মে, শিৱসাগৰ :: সমগ্ৰ বিশ্বয়ে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুজ দিছে। বৰ্তমান সময় অতি বিপন্ন আৰু আশংকাপূৰ্ণ। কিন্তু তেনে সময়ৰে যেন সুযোগ গ্ৰহণ কৰিছে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে। ৭ টাকৈ তৈলক্ষেত্ৰ পূজিপতিৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা। সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে কয় যে অসমীয়া জাতিয় তেজ অন্তনিৰ্হিত থকা প্ৰতিজন লোকৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত চৰম অপমান হিচাৱে পৰিগণিত হৈছে।

অসমৰ তৈলক্ষেত্ৰ সমূহ অসমীয়ৰ সম্পদ। এই সম্পদসমূহ পূজিপতিৰ হাতত গতাই দিবলৈ চৰকাৰক ঠিকা দিয়া হোৱা নাই। তেজ দিম তেল নিদিও বুলি শ্ল’গান দিয়া অসমীয়া বহু যুৱক ইতিমধ্যে শ্বহীদ হৈছে। সেইসকল অসমীয়া বীৰ পুৰুষৰ কেচা তেজক অপমান কৰিছে শাসনাধিষ্ঠ চৰকাৰখনে। এয়া অসমীয়া জাতিৰ বাবে সহ্যৰ বৰ্হিভূত কথৱ বুলি অভিহিত কৰে সম্পাদকগৰাকীয়ে। চৰকাৰে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই । অন্যথা অনাগত দিনত যিকোনো পৰ্যায়ৰ আন্দোলন আৰু অসমবাসী ৰাইজৰ পৰা উচিত প্ৰত্যুত্তৰৰ সন্মুখীন হবলৈ সাজু হৈ থাকিবলৈ শাসনাধিষ্ঠ চৰকাৰখন সকীয়নী প্ৰদান কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *