সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ ২৪ টা বছৰঃ কেনেকৈ হত্যা কৰা হৈছিল চাওঁ আহক….

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ মে :: পৰাগ কুমাৰ দাস। অসমৰ সংবাদ জগতৰ নিৰ্ভিক সাংবাদিক। তেখেতৰ সম্পাদনাত প্ৰান পাই উঠিছিল বুধবাৰ নামৰ কাকতখনে। এই কাকতখনে পোহৰলৈ আনিছিল সেই সময়ৰ বহু সামাজিক তথা ৰাজনৈতিক ঘটনা পৰিঘটনা। কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে অসমৰ ৰাইজক কৰা শোষণ তথা বঞ্চনাৰ কথা আনিছিল পোহৰলৈ। ইয়াৰ লগতে মানৱ অধিকাৰ সংগ্ৰামৰ জৰিয়তে অসমত সেনাৰ নিৰ্যাতন বিৰুদ্ধে মাত মাতি আহিছিল সাংবাদিক দাসে। এই সময়ছোৱাত ছালফাৰ দ্বাৰা সংঘটিত কূকৰ্মৰ বিষয়েও ফাদিল কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বহুজনৰ মূৰৰ কামোৰণি হৈ পৰিছিল পৰাগ কুমাৰ দাস। ইয়াৰ মাজতে অসমত হয় ৰাজনৈতিক পৰিবৰ্তন। ১৯৯৬ চনৰ ১৫ মে’ তাৰিখে শাসনলৈ আহে অসম গণ পৰিষদৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ। ঠিক ইয়াৰ দুদিনৰ পাছতেই এই দূৰ্দান্ত সাংবাদিক পৰাগ কুমাৰ দাসক ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত দিন দুপৰতে বৰ্বৰভাৱে গুলীয়াই হত্যা কৰা হৈছিল। ১৩ টা গুলিৰে থকাসৰকা কৰা হৈছিল সাহসী সাংবাদিকগৰাকীক। ইয়াৰ পাছতেই মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৪৮ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰা হব বুলি কোৱাৰ লগতে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই ৪৮ ঘণ্টাৰ ভিতৰত দোষীক প্ৰত্যুত্তৰ দিয়া হব বুলি কয়।

উল্লেখনীয় যে এই হত্যাকাণ্ডৰ এবছৰৰ পিছত প্ৰফুল্ল মহন্তই CBI ৰ হাতত অৰ্পণ কৰে তদন্তৰ ভাৰ। এই CBI ৰ তদন্ততেই অভিযুক্ত কৰা হৈছিল চাৰি ছালফা নেতা ক্ৰমে মৃদুল ফুকন ওৰফে সমৰ কাকতি, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলি। কিন্তু তেতিয়ালৈ দিগন্ত বৰুৱা, তপন দত্ত আৰু নয়ন দাসৰ হত্যাকাণ্ডত মৃত্যু ঘটিছিল।
ইফালে এই ঘটনাৰ সাক্ষী সকলৰো সঘনাই আদালতত সলনি হৈছিল ভাষ্য। এনে লাগিছিল যেন কাৰোবাৰ প্ৰৰোচনা বা প্ৰাণৰ মমতাত পৰি এই সাক্ষী সকলে সলনি কৰিছিল ভাষ্য। আদালতে সাক্ষী সকলক সুৰক্ষা প্ৰদান কৰিব নোৱাৰাৰ বাবে CBI ক দোষাৰোপ কৰে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০০৯ চনত পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ একমাত্ৰ জীৱিত অভিযুক্ত মৃদুল ফুকন ওৰফে সমৰ কাকতিক নিৰ্দোষী সাব্যস্ত কৰে আদালতে। ইয়াৰ লগে লগে অন্ত পৰে পৰাগ দাসৰ হত্যাকাণ্ডৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰাৰ আশাও। নিৰ্ভিক সাংবাদিক পৰাগ কুমাৰ দাসৰ দেওবাৰে ২৪ সংখ্যক মৃত্যুবাৰ্ষিকীত লকডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন স্থানত স্মৰণ কৰে। এতিয়া প্ৰশ্ন উত্থাপন হয় কিয় আৰু কাৰ প্ৰত্যক্ষ হস্তক্ষেপত হাৰি গল পৰাগ কুমাৰ দাসৰ হত্যাকাৰী, কিয় আজিও উত্থাপন নহল পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ আৰৰ ৰহস্য, কিয় আৰু কাৰ হস্তক্ষেপত CBI ৰ দৰে এটা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সঠিকভাৱে নকৰিলে তদন্ত। এনে বহু প্ৰশ্নৰ উত্তৰ কেৱল প্ৰশ্নতেই সীমাবদ্ধ হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *