শিৱসাগৰৰ বিজ্ঞানী আমিনুদ্দিনে আৱিষ্কাৰ কৰিলে অসমীয়া নিৰাময় চাহঃ বিনামূলীয়াকৈ কৰিছে বিতৰণ
ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ মে, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো অব্যাহত আছে লকডাউনৰ। এই লকডাউনৰ সময়তে শিৱসাগৰ এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে এবিধ চাহৰ। নাম অসমীয়া নিৰাময় চাহ। জিলাখনৰ অৰ্জুনগুৰি নিবাসী আমিনুদ্দি আহমেদে ২০০৭ চনত দুৱেল চিকিউৰিটি এলাৰ্ম আৱিষ্কাৰৰ কৰাৰ বাবে প্ৰয়াত ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে ৰাষ্ট্ৰীয় পদক প্ৰদান কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰিছিল।

উল্লেখযোগ্য যে এইগৰাকী বিজ্ঞানীয়ে লকডাউনৰ সময়ছোৱাত বন গছৰ পাত, ছাল আদি ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰা এই চাহবিধৰ ফলত নিউমনিয়া, জ্বৰ, চৰ্দি, কাহ আদি ৰোগৰ নিৰাময় লাভ কৰিব বুলি সংবাদমেলত জনায়। তেখেতে জানিবলৈ দিয়া মতে এই বনৌষধি চাহ খালে ৰোগ নিৰাময়ৰ লগতে ৰোগ প্ৰতিৰোধৰ কামৰ কৰে। ইয়াৰ লগতে তেওঁ কয় যে এই চাহবিধ দুবছৰ বয়সৰ শিশুৰ পৰা আৰম্ভ কৰি সত্তৰ বছৰীয়া নিউমোনিয়া ৰোগীয়ে সেৱন কৰাৰ প্ৰায় আধা ঘণ্টাৰ এঘন্টাৰ ভিতৰতে আৰাম পাবলৈ ধৰাৰ লগতে পাঁচদিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি উল্লেখ কৰে। বহুজন ৰোগীয়ে এই চাহ সেৱ কৰি আৰোগ্য লাভ কৰাৰ লগতে আমিনুদ্দিনক প্ৰসংশা কৰিছে। উল্লেখ্য যে এই চাহ খালে জ্বৰ, চৰ্দি, কাহ, নিউমোনিয়া, ফেৰেনজাইটিছ, মেলেৰিয়া আদি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব বুলি উল্লেখ কৰি বিজ্ঞানীজনে ইতিমধ্যে চাহবিধ ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে। কোনো ইচ্ছুক ৰোগীয়ে প্ৰয়োজনবোধ কৰিলে ৭০০২৫৮৩৭৮৯ নম্বৰত যোগাযোগ কৰিবলৈ বিজ্ঞানীজনে আহ্বান জনাইছে।