অ’এনজিচিৰ হঠকাৰী সিদ্ধান্তঃ ব্যক্তিগত খণ্ডক গতালে অসমৰ ৮খনকৈ তৈলক্ষেত্ৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ এপ্ৰিল, শিৱসাগৰ :: অ’এনজিচিয়ে অসমকে ধৰি দেশৰ মুঠ ৪৯ খন প্ৰান্তীয় তৈল আৰু গেছ ক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত অতি সংগোপনে গটাই দিয়াৰ এক ভয়ংকৰ তথ্য বিশেষ সুত্ৰৰ পৰা লাভ কৰা হৈছে। এইসমূহ অসমৰ লগতে গুজৰাট, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত সিচঁৰতি হৈ আছে। সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মুঠ ৬৪ খন ক্ষুদ্ৰ আৰু প্ৰান্তীয় তৈল আৰু গেছ ক্ষেত্ৰৰ  হোৱা নিলাম প্ৰক্ৰিয়াৰ ভিতৰত ৪৯ খনৰ বাবে ইচ্ছুক কোম্পানীয়ে আন্তঃৰাষ্ট্ৰীয় নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। দেশৰ এই ৪৯ খন তৈলক্ষেত্ৰৰ ভিতৰত অসমৰ ৮খন প্ৰচুৰ সম্ভাৱনা সম্পন্ন তৈলক্ষেত্ৰও আছে। লাভ কৰা তথ্য অনুসৰি অ’এনজিচি অসম সম্পদৰ ডিমুৱাল, চাংমাই গাওঁ, চফ্ৰাই, সোণাৰী, পানীদিহিং, দিচাংমুখ আৰু নাহৰবাৰী তৈলক্ষেত্ৰ কেইখন এনে আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে ‘দূৰ্গান্ত অইল এণ্ড গেছ’ আৰু উৰিষ্যাৰ ‘ষ্টেভ ড’ৰচ লিমিটেড’ নামৰ কোম্পানী দুটাক এই তৈলক্ষেত্ৰ কেইখন গটাই দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, এই তৈলক্ষেত্ৰৰ কেইখনৰ ভিতৰত ডিমুৱাল তৈলক্ষেত্ৰত বৰ্তমানেও অ’এনজিচি অসম সম্পদৰ উৎপাদন অব্যাহত আছে। আনহাতে দিচাংমুখ আৰু পানীদিহিং তৈলক্ষেত্ৰত দুখন তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ সম্ভাৱনাৰে পৰিপূৰ্ণ বুলি ইতিমধ্যে অ’এনজিচি বিভিন্ন অন্বেষণত প্ৰকাশ পাই আহিছে। এতিয়া প্ৰশ্ন উঠিছে অসমীয়াই বিভিন্ন সময়ত অএনজিচিৰ অসম সম্পদৰ তৈলক্ষেত্ৰত সমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিৰোধীতা কৰি বিগত সময়ত অভিযোগ দাখিলৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো কিয় অএনজিচি ডেৰাডুন কৰ্তৃপক্ষই লাভজনক এই গেছ আৰু তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ পথ অৱলম্বন কৰিলে। উল্লেখনীয় যে দিচাংমুখ আৰু পানীদিহিং তৈলক্ষেত্ৰ দিল্লীৰ কোনো শীৰ্ষ ৰাজনৈতিক নেতাৰ উৰিষ্যাস্থিত কোম্পানীক প্ৰদান কৰা হৈছে। অ’এনজিচিৰ অসম সম্পদৰ সামাজিক দায়বদ্ধতা শিতানত বিনিয়োগ বন্ধ কৰা বুলি জানিব পৰাৰ সময়তে খিলঞ্জীয়া লোক কৰ্মৰত হৈ থকা এই তৈলক্ষেত্ৰৰ পৰা যদি অ’এনজিচিয়ে উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে তেন্তে নিবিদা লাভ কৰা কোম্পানীৰ হাতত এনে কি আলাউদ্দিনৰ চাকি আছে যাৰ জৰিয়তে সেই কোম্পানীয়ে উৎপাদন বৃদ্ধি কৰিব পাৰিব সেইয়া এতিয়া কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *