শিৱসাগৰত ১৪৪ ধাৰাৰ লগতে কি কি বিষয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে চাওঁ আহক…

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৫ মে, শিৱসাগৰ :: আজি শিৱসাগৰত জিলা দণ্ডাধীশ তথা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে ১৪৪ ধাৰা বলবৎ কৰাৰ লগতে অন্য কেইবাটাও বিষয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী অবৈধ লালীগুড় বিক্ৰীৰ লগতে সৰবৰাহ আৰু মজুতকৰণ সম্পূৰ্ণ নিষিদ্ধ ঘোঘণা কৰি জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিভিন্ন অঞ্চলত পশুখাদ্য হিচাপেহে  ব্যৱহৃত লালীগুৰক গোপনে দেশীয় সুৰা প্ৰস্তুতকৰণত ব্যৱহাৰৰ কৰাৰ লগতে এনে সুৰাৰ প্ৰচলন কৰি জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনাৰ বিষয়টো শিৱসাগৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিষেধাজ্ঞা আৰোপ কৰা হয়।

আনহাতে লক্ষীনন্দন গগৈয়ে জাৰি কৰা এক আদেশমৰ্মে ফৌজদাৰী কাৰ্যবিধিৰ আইনৰ ১৪৪ ধাৰাৰ অধীনত কোনো ব্যক্তি, দোকানী, পাইকাৰী, খুচুৰা ব্যৱসায়ী, হ’কাৰ আদিৰ দ্বাৰা প্লাষ্টিক কেৰী বেগ, প্লাষ্টিক চিট, ৫০ মাইক্ৰণৰ কম ঘনত্বৰ বহুতৰপীয়া আৱৰণ, ৬০ মিলিমিটাৰৰ আৰু ৫০ মাইক্ৰণৰ কম ঘনত্বৰ প্লাষ্টিক কাপ আৰু গ্ৰাহ্য নকৰা ঘনত্বৰ ক্লৰিনেটেড প্লাষ্টিক বেগ, চিট, বেনাৰ, ফ্লেক্স, বান্টিং, পতাকা আদিৰ লগতে ধঁপাত, গুটখা, তিৰংগা, শিখৰ আৰু অন্যান্য ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ, বিক্ৰী আৰু ক্ৰয় কৰাটো, সমগ্র জিলাতে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ বন্ধ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে।

ইয়াৰোপৰি জিলা দণ্ডাধীশজনে জিলাখনত মাছ ধৰাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি বৰজাল, মহাজাল, ফাঁচীজাল, ভোৰজাল বা ৭ ছেন্টিমিটাৰৰ কম বিন্ধা বা ৪ ছেন্টিমিটাৰ পাহৰ যিকোনো ধৰণৰ জাল ব্যৱহাৰ কৰি প্ৰজননৰ সময়ত অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মীন পাম বা তেনেধৰণৰ জলাশয়ত মাছ ধৰা; বৰজাল বা মহাজাল বা ভোৰজাল বা ফাঁচীজাল আৰু আঢ়ৈ ইঞ্চি বৰ্গাকাৰতকৈ সৰু পাহৰ যিকোনো ধৰণৰ জাল ব্যৱহাৰ কৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে প্ৰজননৰ সময়ত মীন পাম বা তেনেধৰণৰ জলাশয়ত মাছ ধৰা; ৰৌ, বাহু, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া, কুঁঢ়ি প্ৰজাতিৰ কণীযুক্ত মাছ প্ৰজননৰ সময়ত অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মীন পাম বা তেনেধৰণৰ জলাশয়ত মাছ ধৰা আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আনহাতে জিলাৰখনৰ অসম-নাগালেণ্ড সীমান্তৰ ৫ কিলোমিটাৰ এলেকাত যিকোনো সমাজবিৰোধী শক্তিৰ সন্দেহজনক গতিবিধি প্ৰতিৰোধ কৰিবলৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *