শিৱসাগৰত দুচকীয়া বাহনত দুজন আৰোহী উঠাত নিষেধাজ্ঞা

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৫ মে, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে যোৱা ১৪ মে’ তাৰিখে জাৰি কৰা এক আদেশমৰ্মে ফৌজদাৰী কাৰ্যবিধিৰ আইনৰ ১৪৪ ধাৰাৰ অধীনত সমগ্র জিলাখনতে তৎক্ষণাতভাৱে বলৱত হোৱাকৈ যিকোনো বাট-পথ, উপ পথ, ৰাজহুৱা পথ, গ্ৰাম্য পথ আদিত দুচকীয়া বাহনত দুজন আৰোহী উঠাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। 

অৱশ্যে, ষাঠি বছৰৰ উৰ্ধৰ ব্যক্তি, ১২ বছৰৰ বয়সৰ তলৰ শিশু, মহিলা, ৰাজ্য আৰু কেন্দ্র চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰী, কৰ্তব্যৰত আৰক্ষীৰ লোকক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। এই আদেশ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আৰু আইন-শৃংখলাৰ পৰিস্থিতি বাহাল ৰখাৰ স্বাৰ্থত জাৰি কৰা হৈছে। এই আদেশ সমগ্ৰ শিৱসাগৰ জিলাতে আগন্তুক ৬০ দিনলৈ বাহাল থাকিব। এই নিষেধাজ্ঞা ভংগকাৰী লোকক ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অনুসৰি দণ্ডিত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *