শিৱসাগৰত ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি প্ৰশাসনৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৪ মে, শিৱসাগৰ :: শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ (এন এফ এছ এ) আঁচনিৰ অধীনৰ পৰিয়াল পৰিচয় পত্ৰ (ৰেচন কাৰ্ড) আহৰণ কৰা আৰ্থিক ভাৱে স্বচ্ছল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। জিলাখনৰ বিভিন্ন অঞ্চলত বহুতো অযোগ্য হিতাধিকাৰীয়ে এন এফ এছ এ আঁচনিৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি থকা বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে।

এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে শেহতীয়াকৈ জাৰি কৰা এক গোহাঁৰি যোগে জিলাখনৰ চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী তথা স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহনৰ অধিকাৰী পৰিয়াল আৰু যি সকলৰ এই চাউলৰ কোনো প্ৰয়োজন নাই, তেনে পৰিয়াল সমূহক অহা ১৫ জুনৰ ভিতৰত স্বেচ্ছাই তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ আবেদন সহ উপায়ুক্ত কাৰ্যালয়ত থকা যোগান বিভাগৰ কাৰ্যালয়ত সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। অন্যথাই জিলা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে কোনো পৰিয়ালে যদি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হয়, তেন্তে সংশ্লিষ্ট আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ জিলা প্ৰশাসন বাধ্য হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *