দিল্লীৰ পৰা অহা যাত্ৰী সকলক গৃহজিলালৈ অনাৰ বিষয়ত শিৱসাগৰত বৈঠক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ মে, শিৱসাগৰ :: কাইলৈ পুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখনেৰে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি পাবলগীয়া যাত্ৰী সকলক গৃহজিলালৈ লৈ অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ সভাপতিত্বত তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী যোগেন মহনে এই লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আছুতীয়াকৈ ৰখা, যাৱতীয় আহাৰৰ ব্যৱস্থা আদিৰ সম্পৰ্কে বিতংভাৱে বুজ লয়। কোৱাৰেণ্টাইন গৃহ সমূহৰ ব্যৱস্থাৱলী তথা কামকাজৰ  সঠিকভাৱে নিৰীক্ষণ কৰাৰ বাবে তেওঁ পঞ্চায়ত পৰ্য্যায়ত পঞ্চায়তৰ সভাপতিৰ অধ্যক্ষতাত গাওঁবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্য আৰু বিশিষ্ট স্থানীয় লোক সমন্বিত একোখন নিৰীক্ষণ সমিতি গঠনৰ পৰামৰ্শ আগবঢ়ায়।

উল্লেখযোগ্য যে, ৰেলেৰে আহিবলগীয়া শিৱসাগৰৰ বাসিন্দাসকলক ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ অনাৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকক অনাৰ যাৱতীয় ব্যৱস্থাৰ বাবে এগৰাকী দণ্ডাধীশৰ নেতৃত্বত এটা দল প্ৰেৰণ কৰা হ’ব। এই সকল লোকক অনাৰ পিছত কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত থকা স্বাস্থ্যকৰ্মীৰ দলৰ দ্বাৰা যাৱতীয় স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এইসকল লোকক নিজ গৃহত বা বিধানসভা সমষ্টি ভিত্তিত ব্যৱস্থা কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত ৰখাৰ ব্যৱস্থা কৰা হ’ব। স্বাস্থ্য পৰীক্ষাৰ ফলাফলত যদি কোনো কৰ’ণা ৰোগী ধৰা পৰে তেওঁক চিকিৎসালয়ত ৰাখি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে, বাহিৰৰ পৰা আহিবলগীয়া লোকসকলক ৰখাৰ বাবে জিলাখনত ইতিমধ্যে মুঠ ১০১৫ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে, তাৰে থাওৰা বিধানসভা সমষ্টিৰ অধীনত ২৫৬ খন, আমগুৰি বিধানসভা সমষ্টিৰ অধীনত ১৩৫, শিৱসাগৰ বিধানসভা সমষ্টিৰ অধীনত ৩২৫ আৰু নাজিৰা বিধানসভা সমষ্টিৰ অধীনত ২৯৯ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে। এই লোক সকলক কোৱাৰেণ্টাইনত ৰাখিলে তেওঁ লোকৰ খোৱালোৱাৰ ব্যৱস্থা তত্বাৱধানৰ দায়িত্ব ৰাজহ চক্ৰ বিষয়া সকলক ন্যস্ত কৰা হৈছে। বৈঠকত সাংসদ তপন কুমাৰ গগৈয়ে কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক আহ্বান জনায়। লগতে তেওঁ ঘৰতে কোৱাৰেণ্টাইন কৰা লোক সকলক নিৰীক্ষণ কৰাৰ বাবে নিৰাপত্তা ৰক্ষী মোতায়ন কৰিবলৈও কয়। সাংসদ গৰাকীয়ে জনস্বাস্ত্য কাৰিকৰী বিভাগক কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত যথাশীঘ্ৰে প্ৰয়োজনীয় শৌচালয় নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ কয়। লগতে তেওঁ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বৈঠকত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে, জুনুমণি সোনোৱাল, বিদিত দাস, মুন গগৈকে আদি কৰি ৰাজহ চক্ৰ বিষয়া সকল আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *