ক’ৰনাৰ টেষ্ট কিমান হৈছে ভাৰতত….

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ মে, শিৱসাগৰ :: মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বাবে স্থবিৰ হৈ পৰিছে সমগ্ৰ বিশ্ব। বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে এই মহামাৰী ৰোগবিধত আক্ৰান্ত হৈছে ৪১ লক্ষ্যাধিক লোক। ইয়াৰ লগতে মহামাৰীবিধে প্ৰাণ লৈছে ২ লাখ ৮৩ হাজাৰ লোকৰ। আনহাতে ইয়াৰ মাজোতো সমগ্ৰ বিশ্বতে আৰোগ্য লাভ কৰিছে প্ৰায় ১৫ লাখ লোকে। ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰ। আমেৰিকাত এইপৰ্যন্ত প্ৰায় ১৪ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮০ হাজাৰ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে। আনহাতে আমেৰিকাত আৰোগ্য লাভ কৰিছে ২ লাখ ৫০ হাজাৰ লোক। জানিব পৰা মতে আমেৰিকাত এতিয়ালৈ প্ৰায় ১ কোটি লোকৰ ক’ৰনা পৰীক্ষা কৰা হৈছে। অৰ্থাৎ প্ৰতি ১০ লাখ লোকৰ মাজত ২৮,৫৩৩ গৰাকী লোকৰ মাজত টেষ্ট কৰা হৈছে।

ইফালে ভাৰততো ক’ৰনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এইপৰ্যন্ত ভাৰতত ৬৭,২৫৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২২১২ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে এই মহামাৰীৰ লগত যুঁজি আৰোগ্য লাভ কৰিছে প্ৰায় ২১ হাজাৰ লোকে। জানিব পৰা অনুসৰি ভাৰতত এইপৰ্যন্ত ১৬ লাখ ৭৩ হাজাৰ লোকৰ টেষ্ট কৰা হৈছে। অৰ্থাৎ প্ৰতি ১০ লাখ লোকৰ মাজত কেৱল মাত্ৰ ১২১৩ গৰাকী লোকৰ ক’ৰনা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে। উল্লেখনীয় যে দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে গ্ৰীন জ’ন আৰু অৰেঞ্জ জ’নৰ অঞ্চলবিলাকত চৰকাৰৰ তৰফৰ পৰা লকডাউনত শিথিলতা প্ৰদান কৰিছিল। এই শিথিলতাৰ পাছতেই দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ। গ্ৰীন জ’নৰ অঞ্চলবিলাকত এতিয়া দেখা গৈছে ব্যাপক জনসমাগম। যাৰ পৰিপ্ৰেক্ষিতত এই জনসমাগমত ক’ৰনাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই অধিক দেখা দিছে। এইক্ষেত্ৰত অভিজ্ঞসকলে পৰাপক্ষত বেছিকৈ ক’ভিড-১৯ৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে চৰকাৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *