অসমত নতুনকৈ ৮জন ক’ৰনাত আক্ৰান্তক চিনাক্তঃ স্বাস্থ্যমন্ত্ৰীৰ নামত ভুৱা ঘোষণা

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ মে, শিৱসাগৰ :: আজি ছ’চিয়েল মিডিয়াত হঠাতে বিয়পি পৰিল এটা ভয়ংকৰ খবৰ। খবৰটো হৈছে ৰাজস্থানৰ পৰা অহা কাছাৰৰ ৮জন লোক পুনৰ মহামাৰী ক’ৰনাত আক্ৰান্ত হৈছে । উল্লেখ্য যে ছ’চিয়েল মিডিয়াত একাংশই হিমন্ত বিশ্ব শৰ্মাৰ নামত টুইট এটা আপলোড কৰি কলে ৰাজ্যত কোৰোনা আক্ৰান্তৰ সংখ্যা ৭০লৈ বৃদ্ধি পালে। ছ’চিয়েল মিডিয়াত চৰ্চা বৃদ্ধি পোৱাৰ লগে লগে সংবাদ মাধ্যমত প্ৰচাৰ হল খবৰটো। ইয়াৰ পিছতহে ওলাল ভূৱা খবৰৰ পাছৰ আচৱ ৰহস্য।

ভূৱা টুইটটো

জানিবপৰা মতে একাংশ দুষ্ট চক্ৰই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা একাউন্ট খুলি কৰিছিল এই দুষ্কাৰ্য। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যক নিন্দা কৰি এনে সময়ত এইধৰণৰ কাম গৰিহণাযোগ্য বুলি উল্লেখ কৰি কয় যে তেওঁৰ টুইটাৰ একাউণ্ট হেক কৰা হোৱা নাই। দুষ্টচক্ৰই গ্ৰাফিক্সৰ জৰিয়তে এয়া প্ৰস্তুত কৰিছে। মন্ত্ৰীগৰাকীয়ে নিজে এই কথা স্পষ্ট কৰি নিজৰ ফেচবুক পেজত এটা পোষ্ট আপলোড কৰি দুষ্টচক্ৰ বিৰুদ্ধে অসম আৰক্ষীক অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *