মাতৃদিৱসত এগৰাকী মাতৃৰ কৰুণ বিলৈঃ পুত্ৰৰ মৃত্যুৰ পাছত বোৱাৰীয়ে উলিয়ালে ঘৰৰ পৰা

ডিজিটেল ডেস্ক, বিতৰ্ক, ১০ মে, গুৱাহাটী :: আজি মাতৃ দিৱস, মাতৃৰ বাবে নিজৰ মৰম তথা আদৰ কেৱল এটা দিনতেই প্ৰকাশ কৰি শেষ কৰিব নোৱাৰি যদিও মাতৃসকলে সন্তানৰ প্ৰতি কৰা ত্যাগক কিছু মৰমেৰে প্ৰকাশ কৰাপ বাবেই পালন কৰে মাতৃদিৱস। কিন্তু মাতৃ দিৱসৰ দিনাই নগাঁৱৰ এগৰাকী পুত্ৰহীন মাতৃৰ কৰুণ কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে। নগাঁও জিলাৰ পুৰণিগুদামৰ সম্ভ্ৰান্ত পৰিয়ালৰ লিলি বৈৰাগী নামৰ বৃদ্ধাগৰাকী আজি আশ্ৰয়হীন। মাতৃ দিৱসৰ মহান ক্ষণতো এইগৰাকী মাতৃৰ থাকিবলৈ নাই এখন ঘৰ। পূৰ্বতে সমগ্ৰ অঞ্চলটোৰ ভিতৰতে চহকী পৰিয়ালৰ জীয়ৰী তথা বোৱাৰী আছিল বৃদ্ধাগৰাকী। কিন্তু পুত্ৰৰ বিয়োগৰ পিছতে আজি এবছৰে আশ্ৰয় বিচাৰি অনাই বনাই ঘূৰি যেন ভাগৰুৱা হৈ পৰিছে বৃদ্ধাগৰাকী।

লিলি বৈৰাগীয়ে জীৱিত অৱস্থাতেই সকলো সম্পত্তি একমাত্ৰ পুত্ৰ কিশোৰ বৈৰাগীৰ নামত নামজাৰি কৰি দিছিল। চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ বাবে বৈৰাগীৰ পৰা চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ বাবদ পোৱা ৪০লাখ টকাও হাঁহিমুখে মৰমৰ পুত্ৰ কিশোৰ বৈৰাগীক দান কৰিছিল। কিশোৰ বৈৰাগীয়েও ৰুগীয়া মাতৃক যথেষ্ট মৰম আৰু শ্ৰদ্ধা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে ২০১৯চনৰ ১৯ জানুৱাৰীত বনভোজ খাবলৈ যোৱা কিশোৰ বৈৰাগীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল। তাৰ পিছতেই যেন কাল অমানিশা নামি আহিল লিলি বৈৰাগীৰ জীৱনলৈ।

পুত্ৰৰ বিয়োগৰ পিছতে পুত্ৰই সাজি থৈ যোৱা বিশাল অট্টালিকাত লিলি বৈৰাগীৰ বাবে নোহোৱা হ’ল কোনো স্থান। দিনে দিনে বাঢ়ি গ’ল বোৱাৰীৰ অত্যাচাৰ। আইনী প্ৰক্ৰিয়াৰ জৰিয়তে লিলি বৈৰাগীয়ে পুত্ৰক দান কৰা সকলো সম্পত্তি বোৱাৰীৰ নামলৈ হস্তান্তৰ হ’ল। লাহে লাহে পুত্ৰৰ গৃহৰ পৰা ওলাই যাবলৈ বাধ্য হ’ল লিলি বৈৰাগী। আনকি লিলি বৈৰাগী থকা কোঠাটোও এটা ব্যক্তিগত প্ৰতিষ্ঠানক ভাড়াত দিয়া হ’ল।আশ্ৰয়হীন লিলি বৈৰাগীক তেওঁৰ তিনিগৰাকী কন্যাই আশ্ৰয় দিব বিচাৰিল যদিও মাতৃ গৰাকী কন্যা গৃহত আশ্ৰয় লোৱাতকৈ স্বামী গৃহৰ বাহিৰৰ এটা ভগ্নপ্ৰায় কোঠাতে জীৱন কটোৱাৰ সিদ্ধান্ত ল’লে। ওচৰ-চুবুৰীয়া বহু লোকে বৃদ্ধাগৰাকীৰ এই অৱস্থা সহ্য কৰিব নোৱাৰি চামগুৰি আৰক্ষীত অভিযোগ দিলে যদিও আৰক্ষীয়েও আইনৰ দোহাই দি সহায় কৰাৰ বাবে অপৰাগতা প্ৰকাশ কৰিলে। সেয়েহে বৃদ্ধাৱস্থাত পিতৃ-মাতৃৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে প্ৰণয়ণ কৰা বিশেষ আইনৰ জৰিয়তে এইগৰাকী মাতৃক ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *