বাঢ়িব নেকি লকডাউনৰ সময়সীমা? চাওঁ আহক….

ডিজিটেল ডেস্ক, বিতৰ্ক, ১০ মে, শিৱসাগৰ :: দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ অহা ১৭ মে’ত অন্ত পৰিব। এই লকডাউন অন্ত পৰাৰ পাছত কি পৰিকল্পনা গ্ৰহণ কৰিব পাৰে চৰকাৰে? সোমবাৰে বিয়লি ৩ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন, মুখ্য সচিবসকল, গৃহ বিভাগৰ সচিবসকল, স্বাস্থ্য সচিব সকলে অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে লকডাউন শিথিল কৰাৰ পিছৰে পৰা দেশত দ্ৰুত গতিত বৃদ্ধি পাই আহিছে ক’ৰনা আক্ৰান্তৰ সংখ্যা। গতিকে বৈঠকতে লকডাউনৰ বৃদ্ধি বা শিথিলকৰণ, দেশৰ অৰ্থনীতি, নতুনকৈ অৰেঞ্জ জ’ন বা ৰেড জ’নত কোনো জিলা অন্তৰ্ভুক্ত হ’ব নেকি ইত্যাদি এই আটাইবোৰ দিশত বিশদ ভাবে আলোচনা কৰাৰ সম্ভাৱনা আছে। জানিব পৰা অনুসৰি কাইলৈৰ বৈঠকৰ পিছতে এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *