শিৱসাগৰত জিলা উপায়ুক্তৰ অভিযানঃ নিতী নিয়ম নামানিলে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৯ মে, শিৱসাগৰ :: বিশ্বজুৰি হৈ থকা মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ভাৰতত ৰোধ কৰাৰা উদেশ্যৰে যোৱা মাৰ্চ মাহৰ পৰা দেশব্যাপী বলৱৎ হৈ আছে লকডাউনৰ। এই লকডাউনে দেশত এতিয়া তৃতীয় পৰ্যায়ৰ চলি আছে। যাৰ পৰিপ্ৰেক্ষিতত এই লকডাউনত গ্ৰীন জ’নত কিছু শিথিলতা দিয়াৰ বাবে শিৱসাগৰতো জিলা প্ৰশাসনে বহু ব্যৱসায় প্ৰতিষ্ঠান, দোকান-পোহাৰ খোলাৰ নিৰ্দেশ দিছিল। লগতে বান্ধি দিছিল কেতবোৰ নীতি নিৰ্দেশনা। কিন্তু শিৱসাগৰৰ একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি নচলাৰ লগতে অত্যধিক দামত সামগ্ৰী বিক্ৰী কৰি থকাৰ এক অভিযোগ উত্থাপিত হৈ আছে।

যাৰ বাবেই আজি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সৈতে চহৰৰ দোকানসমূহ পৰিদৰ্শন কৰে আৰু দোকান সমূহে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিছে নে নাই সেয়া পৰীক্ষা কৰে। এই সময়চোৱাত প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা অমান্য কৰা বহুকেইখন দোকানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে। জিলা উপায়ুক্তই ৰাইজক লকডাউন মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে দোকানসমূহক গ্ৰাহকৰ মাজত সামাজিক দূৰত্ব বজাই ৰখা আৰু হাত ধোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। অন্যহাতে শিৱসাগৰ জিলাত আজিৰে পৰা ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহন চলাচলত যুগ্ম-অযুগ্ম নীতি বলবৎ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰচাৰৰ বাবে বা ৰাইজৰ মাজত সজাগতাৰ বাবে আজি কিছু ৰেহাই দিয়া হৈছে যদিও কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা এই নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *