যোৰহাটত পালেহি মহামাৰী ক’ৰনা ভাইৰাছ

জিটেল ডেস্ক, বিতৰ্ক, ৯ মে, শিৱসাগৰ :: ৰাজ্যত আৰু তিনিজন ক’ৰনা আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ শৰীৰত covid 19 পজিটিভ পোৱা গৈছে। দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত।

ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেঞ্চৰখনৰ চালকগৰাকীৰ শৰীৰতো covid 19 পজিটিভ পোৱা গৈছে। অৱশ্যে চালকজনক ইতিমধ্যে উভটাই পঠিওৱা হৈছে মুম্বাইলৈ।
ইয়াৰ লগে লগে ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ ক’ৰনা আক্ৰান্তৰ সংখ্যা 62 জন। কিছু সময়ৰ পূৰ্বে টুইটাৰ যোগে এই খবৰ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *