ভাৰতত ক’ৰনাৰ ১০০ দিনঃ কিমান আছিল কিমান হল চাওঁ আহক….

ডিজিটেল ডেস্ক, বিতৰ্ক, ৯ মে, গুৱাহাটী :: যোৱা কালি ভাৰতবৰ্ষত ১০০টা দিন সম্পূৰ্ণ হৈছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱা। চলিত বৰ্ষৰ ৩০ জানুৱাৰীত কেৰালাত চীনৰ পৰা অহা এগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল প্ৰথমটো ক’ৰনা পজিটিভ কেছ। ইয়াৰ পিছতে এজন-দুজনকৈ দেশৰ সকলো ৰাজ্যতে বৰ্তমান ক’ৰনাৰ সন্ত্ৰাস অব্যাহত আছে।

৩০ জানুৱাৰীত মাত্ৰ এজন ক’ৰনা পজিটিভ ৰোগী আৰু বৰ্তমান প্ৰায় ৬০হাজাৰ। ঠিক সেইদৰে মৃতকৰ সংখ্যাও দেশত অচিৰেই চুবগৈ ২০০০ৰ ঘৰ। আটাইটকৈ উদ্বেগজনক কথাটো হ’ল শেহতীয়াকৈ দেশত দ্ৰুতগতিত সংক্ৰমিত হৈছে ক’ৰনা ভাইৰাছ। প্ৰথম ৫০টা দিনলৈ যদি চোৱা হয় ভাৰতত প্ৰায় ২০০ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰনাত। লাহে লাহে বাঢ়িবলৈ ল’লে সংক্ৰমিত লোকৰ সংখ্যা, মে মাহত গঢ় হিচাপত প্ৰতিদিনে দুহেজাৰো অধিক লোক আক্ৰান্ত হৈছে ক’ৰনাত।বিগত প্ৰায় এটা সপ্তাহৰ আক্ৰান্ত যিটো হাৰত বৃদ্ধি হৈছে তাক লৈ ভাৰতৰ চিন্তা বৃদ্ধি হোৱাটো স্বাভাৱিক হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *