লকডাউন শিথিল কৰাটোৱেই অসমৰ বাবে হল নেকি বিপদজনক?

ডিজিটেল ডেস্ক, বিতৰ্ক, ৮ মে, শিৱসাগৰ :: ক’ৰনা ভাইৰাছৰ সংক্ৰমণক লৈ দুটা পৰ্যায়ৰ লকডাউনৰ পাছত তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীণ জ’ন সমূহত দেশৰ লগতে অসমতো যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছিল। বাহিৰৰ পৰা অহা লোকসকলক অসমলৈ ঘূৰি অহাৰ বাবে লোৱা উদ্যোগ আৰু পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সাধাৰণ লোকৰ ঘৰৰ বাহিৰলৈ ওলোৱাত শিথিলতা প্ৰদান কৰা হৈছিল। গ্ৰীণ জ’ন সমূহত প্ৰদান কৰা সেই শিথিলতাৰ বাবেই সমগ্ৰ ৰাজ্যতেইব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে।

কালি ৰাজ্যত ৮জন ব্যক্তিৰ দেহত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত এই সংক্ৰমণ ৰাজ্যখনৰ ভয়াৱহ হ’ব নেকি বুলিও এতিয়া চৰ্চা চলিছে। এই পৰ্যন্তলৈকে ৰাজ্যত মুঠ কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৩ যদিও, ইয়াৰে ১৮জন চিকিৎসাধীন হৈ আছে। আন ৩৪জনে সুস্থ হৈ ঘৰলৈ উভতিছে আৰু এজনৰ মৃত্যু হৈছে। এইখিনিতেই সাধাৰণ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে লকডাউন শিথিল কৰাটোৱেই অসমৰ বাবে হল বিপদজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *