বিশ্বজুৰি ক’ৰনা ভাইৰাছত আক্রান্ত স্বাস্থ্যকর্মী

ডিজিটেল ডেস্ক, বিতৰ্ক, ৮ মে, গুৱাহাটী :: ক’ৰনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত প্রথমশাৰীৰ যোদ্ধা হৈছে বিশ্বৰ অগণন স্বাস্থ্যকর্মী৷ ক’ৰনা ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সময়ত বিশ্বজুৰি ৯০ সহস্রাধিক স্বাস্থ্যকর্মী এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই তথ্য৷ আগন্তুক দিনত ক’ৰনা ৰোগীক সেৱা আগবঢ়োৱা লক্ষাধিক স্বাস্থ্যকর্মী পুনৰ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ আশংকা আছে বুলিও সংস্থাটোৱে সদৰী কৰিছে৷

উল্লেখযোগ্য যে এই ভাইৰাছৰ দ্বাৰা আক্রান্ত ৰোগীক চিকিৎসা কৰাৰ সময়ত বহু দেশত সুৰক্ষা সামগ্রী লাভ কৰাৰ পৰা বঞ্চিত হৈছে স্বাস্থ্যকর্মীসকল৷ শেহতীয়াকৈ নার্ছৰ আন্তর্জাতিক পৰিষদেও অনুৰূপ অভিযোগ আনিছে৷ আন্তর্জাতিক পৰিষদৰ তথ্য অনুসৰি, বিশ্বজুৰি ক’ৰনা ভাইৰাছৰ দ্বাৰা ২৬০ গৰাকীতকৈ অধিক নার্ছ আক্রান্ত হৈ মৃত্যুমুখত পৰিছে৷ গতিকে নার্ছৰ এই সংস্থাটোৱে বিভিন্ন দেশৰ চৰকাৰক স্বাস্থ্যকর্মীসকলৰ জীৱন ৰক্ষাৰ বাবে বিশেষ গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *