ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৭ মে, গুৱাহাটী :: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমান্বয়ে অতি দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ। তথ্য অনুসৰি সমগ্ৰ বিশ্বত প্ৰায় ৪০ লাখ লোক এইপৰ্যন্ত মহামাৰী ৰোগবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে ২লাখ ৬৫ হাজাৰ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে। আনহাতে সমগ্ৰ বিশ্বতে আৰোগ্য লাভ কৰিছে ১৩ লাখ লোকে।

আনহাতে ভাৰততো ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ। তথ্য অনুসৰি এতিয়ালৈ দেশত ৫৩ হাজাৰ লোক ক’ৰনাত আক্ৰান্ত হৈছে। অন্যহাতে মৃত্যু হৈছে ১৭৮৫ জন লোকৰ। ইফালে ক’ৰনা ৰোগীৰ সংখ্যাৰ হিচাপত ভাৰত ১৫সংখ্যক স্থানত আছে যদিও জানিব পৰা অনুসৰি দৈনিক বৃদ্ধি পোৱা ৰোগীৰ সংখ্যালৈ চাই ৫খন আটাইতকৈ বেয়া পৰিস্থিতিৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। বিগত ৬দিনত অৰ্থাৎ ১ মে’ৰ পৰা ৬ মে’লৈ ৭০৪জন লোকৰ মৃত্যু হৈছে। মুম্বাইত ক’ৰনাত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিছে। আনহাতে, দিল্লীত বিগত ২৪ ঘণ্টাত ৪২৮টা ঘটনা পোহৰলৈ আহিছে। দিল্লীত ক’ৰনাত আক্ৰান্তৰ সংখ্যা এতিয়ালৈ ৫৫৩২জন।

আনহাতে, অসমত এইপৰ্যন্ত ৪৫জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত। ইয়াৰ ভিতৰত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪জন সুস্থ হৈ উভতিছে হাস্পতালৰ পৰা। অসমত বৰ্তমান ১০জন ক’ৰনাত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। ইয়াৰোপৰি তথ্য অনুসৰি ভাৰতত এইপৰ্যন্ত সৰ্বমুঠ ১২,৭৬,৭৪২গৰাকী ব্যক্তিৰ ক’ৰনাৰ টেষ্ট কৰা হৈছে। অৰ্থাৎ গঢ়ে প্ৰতি ১০ লাখ মানুহৰ মাজত মাত্ৰ ৯২৫ জন ব্যক্তিৰহে কেৱল টেষ্ট কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *