শিৱসাগৰত প্ৰশাসনৰ দ্বাৰা শাক-পাচলিৰ বিক্ৰী মূল্য নিৰ্ধাৰণ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৬ মে, শিৱসাগৰ :: ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা বৰ্তমানৰ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি শিৱসাগৰ জিলাৰ এচাম অসাধু শাক-পাচলি বিক্রেতাই গ্ৰাহকৰ পৰা অযুক্তিকৰ ভাৱে অধিক মূল্য আদায় কৰি থকাৰ বিষয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।যাৰ পৰিপ্ৰেক্ষিত আজি শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্তই জাৰি কৰা এক আদেশযোগে শিৱসাগৰ জিলাৰ জনসাধাৰণৰ স্বাৰ্থত সমগ্র জিলাতে বলৱৎ হোৱাকৈ শাক-পাচলি সমূহৰ পাইকাৰী মূল্য আৰু খুচুৰা মূল্য নিৰ্ধাৰণ কৰি দিছে।

নিৰ্দেশ কপি ১


নিৰ্দেশ কপি ২

এই নিৰ্দেশ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ তথা পৰৱৰ্তী আদেশ নিদিয়ালৈকে বাহাল থাকিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, খুচুৰা বিক্রেতা সকলে পাইকাৰী বিক্রেতাৰ পৰা ৰছিদ সংগ্ৰহ কৰিব লাগিব আৰু অনুৰূপধৰণে পাইকাৰী বিক্রেতা সকলে খুচুৰা বিক্রেতা সকলক ৰছিদ প্ৰদান কৰিব লাগিব। আনহাতে এই আদেশ ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *