বিগত ৩ দিনত অসমত বিক্ৰী হোৱা সুৰাৰ মূল্য জানেনে?

ডিজিটেল ডেস্ক, বিতৰ্ক, ৬ মে, গুৱাহাটী:- লকডাউনৰ মাজতে গ্ৰীন জ’নত কিছু শিথিল কৰাৰ লগে লগে খোল খাইছিল ৰাজ্যৰ কিছুসংখ্যক সুৰাৰ বিপনী। বিগত ৩ দিনত অসমত বিক্ৰী হৈছে ৮০ কোটি টকাৰ সুৰা। অৰ্থাৎ গড় হিচাপে প্ৰতিদিনে অসমত বিক্ৰী হৈ আছে ২৫ কোটি টকাৰ সুৰা। সদৌ অসম সুৰা বিপণী সন্থাই এই তথ্য সদৰি কৰিছে। ইফালে এই ৮০ কোটি টকাৰ ৩০ কোটি ৰাজহ লাভ কৰিছে চৰকাৰে।

২ মে’ত কেৱল কামৰূপ মেট্ৰ’, হোজাই আৰু ওদালগুৰিত এঘণ্টাৰ বাবে সুৰাৰ বিপণী খোলা হৈছিল। যাৰ বাবে কম হৈছিল বিক্ৰী। পৰৱৰ্তী সময়ত আন কিছু জিলাতো বিক্ৰী হৈছিল। অৱশ্যে মৰিগাঁও, গোৱালপাৰা, ধুবুৰী আৰু বঙাইগাঁও জিলাত এতিয়াও সুৰাৰ বিক্ৰী বন্ধ আছে। আনহাতে তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত দুদিনৰ বাবে সুৰাৰ বিপণী খোলাৰ সময়ত অসমত ৪৫ কোটি টকাৰো অধিক সুৰা বিক্ৰী হৈছিল বুলি জানিব পৰা গৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *