শিৱসাগৰত ৭ লক্ষ্যাধিক টকা মূল্যৰ গোটখা জব্দ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ ম, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে লক্ষ্যাধিক লোক মৃত্যু মুখত পৰিছে ।আনহাতে ভাৰততো এই পৰ্যন্ত ৪৭ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় পোন্ধৰশ লোক মৃত্যু মুখত পৰিছে। ক’ৰনা ভাইৰাছৰ এই সংক্ৰমণ বাবে সমগ্ৰ দেশতে যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰা লকডাউনৰ ঘোষণা কৰাৰ পৰা আজিপৰ্যন্ত দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে।

এই লকডাউনৰ সময়ছোৱাত দেশত গুটখা জাতীয় সকলো সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল। কিন্তু লকডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ দুস্কৃতিকাৰীয়ে। উল্লেখযোগ্য যে আজি শিৱসাগৰ নগৰৰ থানামূখত আৰক্ষীয়ে আনচাৰী উপাধীৰ এজন ব্যক্তিৰ ঘৰৰ পৰা ২০ বস্তা কেপি জব্দ কৰিবলৈ সক্ষম হৈছে। এই গোটখাসমূহৰ বজাৰ মূল্য ৭ লাখৰো অধিক বুলি জানিব পৰা গৈছে। আনহাতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল এইগোটখা সমূহ ব্যৱসায়ীজনে মৰাণৰ পৰা সম্পূৰ্ণ ডিএছটি পৰিশোধ কৰি ক্ৰয় কৰি আনিছিল। লকডাউনৰ সময়ছোৱাত ধপাত জাতীয় আৰু গোটখা জাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰাৰ পাচতো কিদৰে বিক্ৰী হোৱাৰ লগতে সৰবৰাহ হৈছিল সেইয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। ঘটনাৰ সন্দৰ্ভত শিৱসাগৰৰ পৰা আৰক্ষীয়ে দুজনক সোধা পোছাৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *