লকডাউনৰ নিয়ম ভংগ কৰা ব‍্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হব শিৱসাগৰ জিলা প্ৰশাসন

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ মে, শিৱসাগৰ :: যোৱা মাৰ্চ মাহৰ পৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰিছিল লকডাউনৰ। এতিয়ালৈ দেশত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন। কিন্তু এই লকডাউনত গ্ৰীন জ’নৰ অঞ্চলসমূহৰ বাবে বিশেষকৈ কিছুমান ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে। বৰ্তমান ক’ৰনা ভাইৰাছ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি শিৱসাগৰ জিলাৰ এচাম অসাধু শাক-পাচলি বিক্ৰেতাই গ্ৰাহকৰ পৰা অযুক্তিকৰ ভাৱে অধিক মূল্য আদায় লোৱা দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণৰ স্বাৰ্থত সমগ্ৰ জিলাত বলবতৎ হোৱাকৈ শাক-পাচলি সমূহৰ পাইকাৰী মূল্য আৰু খুচুৰা মূল্যত বিক্ৰীৰ নিদিষ্ট ফলক লগাই থবলৈ নিৰ্দেশ জাৰি কৰিছে।

এই ক্ষেত্রত আজি শিৱসাগৰ কায‍্যবাহী দণ্ডাধীশ পঙ্কজ বড়াই প্ৰতিখন শাক-পাচলি আৰু ফলমূল দোকানে দোকানে গৈ বিক্ৰেতা সকলে মূল্যবৃদ্ধি কৰি গ্ৰাহক হাৰাশাস্তি নকৰিবলৈ নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত যদি কোনো ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হয় তেন্তে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হব বুলি অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *