কংগ্ৰেছে দিব বহিঃৰাজ্যত আবদ্ধ লোকৰ ৰে’লৰ টিকটৰ মূল্যঃ ছোনিয়া গান্ধী

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ মে, শিৱসাগৰ :: লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ লোকসকলৰ ঘৰলৈ ঘূৰি আহিবলৈ প্ৰয়োজন হোৱা ৰে’লৰ টিকটৰ খৰচ বহন কৰিব কংগ্ৰেছে। প্ৰতিখন প্ৰদেশৰ কংগ্ৰেছে বহন কৰিব সেই খৰচ। এই কথা সদৰি কৰিছে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে। লগতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সদৰি কৰিছে যে, সকলো প্ৰকাৰৰ সহায় শ্ৰমিকসকলক কৰিবলৈ প্ৰস্তুত আছে কংগ্ৰেছ।

কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে লগতে শ্ৰমিকসকলক উভতাই অনাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি পূৰ্বে বিভিন্ন অনুষ্ঠানৰ বাবে বিজেপিয়ে খৰচ কৰা ধনৰ উল্লেখ কৰে। অৱশ্যে কংগ্ৰেছৰ এই ঘোষণাক চৰকাৰী সূত্ৰই নস্যাৎ কৰিছে। কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি ৰে’লৱে বিভাগে ইতিমধ্যে বিভিন্ন স্থানত আবদ্ধ লোকসকলক ৰে’লযোগে অনাৰ ব্যৱস্থা কৰিছে। সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দি ৫০ শতাংশ লোকক কঢ়িয়াইছে ৰে’লসমূহে।

Leave a Reply

Your email address will not be published. Required fields are marked *