ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত শিৱসাগৰত বিশেষ নীতিৰ প্ৰৱৰ্তন

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ মে, শিৱসাগৰ :: সাম্প্ৰতিক লকডাউনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ই-ৰিক্সা সমূহ চলাচলৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত বিশেষ নীতি নিৰ্দেশনা ঘোষণা কৰা হয় । 

এই নিৰ্দেশনাৱলী অনুসৰি জিলাখনৰ পৌৰসভাসমূহ আৰু জিলা পৰিবহন বিভাগৰ অধীনত পঞ্জীয়ণভূক্ত ই-ৰিক্সা সমূহ অহা ৬ মে’ৰ পৰা ১৭ মে’ তাৰিখলৈ পৌৰসভা এলেকাসমূহত চলাচল কৰিব পাৰিব । গ্ৰাম্যাঞ্চলৰ বাবে নিৰ্দ্ধাৰিত পৰিবহন বিভাগৰ অধীনত পঞ্জীয়ণভূক্ত ই-ৰিক্সা সমূহ পৌৰসভা এলেকাত চলাব নোৱাৰিব ।

ই-ৰিক্সাৰ চালকসকলে তেওঁলোকৰ লগত পৰিচয় পত্ৰ আৰু যাৱতীয় নথিপত্ৰ ৰখাটো বাধ্যতামূলক। সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত চালকৰ ওপৰি প্ৰতিখন ই-ৰিক্সাত দুজনকৈহে আৰোহী উঠাব পাৰিব। অহা ৬ মে’ৰ পৰা ১৭ মে’ তাৰিখলৈ সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ ই-ৰিক্সাৰ ক্ষেত্ৰত যুগ্ম আৰু অযুগ্ম নীতিৰ প্ৰৱৰ্তন কৰা হৈছে । এই নীতি অনুসৰি অহা ৬ মে’ তাৰিখে ই-ৰিক্সাৰ পঞ্জীয়ণ ফলকৰ শেষৰ যুগ্ম নম্বৰ থকা বিলাক চলাব পাৰিব তাৰ পিছৰ দিনা অযুগ্ম নম্বৰৰ ই-ৰিক্সা চলাব পাৰিব । ঠিক সেইদৰে এদিন যুগ্ম আৰু এদিন অযুগ্মকৈ পৰৱৰ্ত্তী ১৭ মে’ তাৰিখলৈকে এই প্ৰক্ৰিয়া চলি থাকিব। ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত জাৰি কৰা এই নিয়ম সমূহ ভংগ কৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *