ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লকডাউন কেনে হ’ব চাওঁ আহক…

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ মে, শিৱসাগৰ :: আজি খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত তৃতীয় পৰ্যায়ৰ লকডাউন সম্পৰ্কে অৱগত কৰে।

তলত সেইসমূহ উল্লেখ কৰা হ’ল :-

কাৰ্ফিউ ৬ টাৰ পৰা জাৰি কৰা হ’ব যদিও, ৫ বজাতে দোকান-পোহাৰ বন্ধ কৰিব লাগিব।

জৰুৰীকালীন সেৱা, সংবাদ সেৱা আৰু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

সোমবাৰৰ পৰা ষ্টেণ্ড এল’ন অৰ্থাৎ অকলে থকা দোকানসমূহ নগৰ-চহৰ সকলোতে খুলিব পাৰিব আবেলি ৫ বজালৈ।

একেলগে লাগি থকা দোকানসমূহৰ এক তৃতীয়াংশ দোকানহে খোলা থাকিব। কিন্তু এইকথা গেলামাল, ফাৰ্মাচী, কিতাপ দোকান আৰু ভেটেনেৰী দোকানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

মাৰ্কেট এছ’চিয়েশ্যনে আলোচনা কৰি কোনে কোন দিনাখন দোকান খুলিব পাৰিব সিদ্ধান্ত ল’ব লাগিব।

বজাৰ আৰু শ্বপিং মল বন্ধ থাকিব।

ব্যক্তিগত চিকিৎসালয়, বহিঃ বিভাগ, মানৱ স্বাস্থ্য, পশু-পক্ষী স্বাস্থ্য সেৱা মুকলি হ’ব। গধূলি ৫ বজালৈকে এই ব্যক্তিগত সেৱাসমূহ খোলা থাকিব।

অট’ৰিস্কা, টেক্সি চালকে(অলা-ওবেৰ) কাইলৈৰ পৰা নিজৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব। কিন্তু এজন ড্ৰাইভাৰ আৰু দুগৰাকী যাত্ৰীহে কঢ়িয়াব পাৰিব। দুগৰাকীতকৈ অধিক যাত্ৰী কঢ়িয়ালে আৰক্ষীয়ে ব্যৱস্থা ল’ব।

বাইক-স্কুটাৰ চলালেও পাছফালে কাকো বহাব নোৱাৰিব। অৱশ্যে মহিলা আৰু ১২ বছৰৰ তলৰ ল’ৰা বহিব পাৰিব।

ৰেড আৰু অৰেঞ্জ জ’নত গাড়ীসমূহ নচলিব। ৰেড বা অৰেঞ্জ জ’নৰ মাজৰে ৰাষ্ট্ৰীয় ঘাইপথৰে বাছসমূহ যাব পাৰিব কিন্তু ৰখাব নোৱাৰিব। ৰেড আৰু অৰেঞ্জ জ’নত কোনোধৰণৰ ষ্টপেজ নাথাকিব।

চাহৰ দোকান-আইচক্ৰীমৰ দোকান আৰু ৰেষ্টুৰেন্ট খুলিব কিন্তু তাত বহি খাব নোৱাৰিব কেৱল ক্ৰয় কৰিবহে পাৰিব।

চেলুন, নাপিতৰ দোকান আৰু বিউটি পাৰ্লাৰ বন্ধ থাকিব। ঘৰত গৈ নাপিতে চুলি কাটিব পাৰিব।

জিম হাউছ আৰু চুইমিঙ পুল বন্ধ থাকিব।

মাছৰ বজাৰ বন্ধ থাকিব কিন্তু অকলশৰে বিক্ৰী কৰাজনৰ পৰা ক্ৰয় কৰিব পাৰিব। সাপ্তাহিক বজাৰো বন্ধ থাকিব।

সকলোধৰণৰ ৰাজহুৱা সভা, ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠান, ৰাজনৈতিক সভা, জন-সমাবেশ আৰু স্কুল-কলেজ বন্ধ থাকিব

উপৰোক্ত অনুমতি লাভ কৰাসমূহ ৰেড আৰু অৰেঞ্জ জ’নৰ বাবে প্ৰযোজ্য নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *