লকডাউনত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ মে, শিৱসাগৰ :: সমগ্ৰ দেশতে লকডাউন আৰম্ভ হোৱা চাৰি সপ্তাহৰ ভিতৰত ২০ শতাংশলৈ বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ মূল্য৷ মুম্বাইস্থিত ইন্দিৰা গান্ধী বিকাশ অনুসন্ধান সংস্থান চমুকৈ IGIDRয়ে অধ্যয়ন কৰি এই তথ্য লাভ কৰে ৷ ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপোৰ্ট অনুসৰি, ‘চহৰৰ খাদ্য বজাৰ আৰু ভাৰতত লকডাউন’ শীৰ্ষক অধ্যয়নটো IGIDRৰ এচোচিয়েট প্ৰফেচাৰ সুধা নাৰায়ণন আৰু ৰিচাৰ্চ এচোচিয়েট শ্ৰী সাহাই প্ৰস্তুত কৰি উলিয়ায় ৷ এই অধ্যয়নত দেশৰ ১১৪ খন চহৰৰ খাদ্য সামগ্ৰীৰ দামৰ তাৰতম্যৰ বিশ্লেষণ আগবঢ়াইছে ৷ এই অধ্যয়নত বিলাহীৰ মূল্য ২৮ শতাংশ, আলুৰ মূল্য ১৫ শতাংশ, বহু ৰকমৰ দাইলৰ মূল্য ৬ শতাংশ, তেলৰ মূল্য ৩.৫ শতাংশ বৃদ্ধি হোৱা দেখা গৈছে৷

IGIDRৰ প্ৰফেচাৰ নাৰায়ণনে কয়, ‘মূল্যবৃদ্ধিৰ মুখ্য কাৰণ হ’ল চাহিদা কম আৰু পৰিবহণ ব্যৱস্থা বন্ধ ৷ ৰেষ্টুৰেণ্ট সমূহ বন্ধ হৈ থকাৰ বাবেও চাহিদাৰ পৰিমাণ কম হৈছে ৷ বিলাহীৰ দৰে সোনকালে নষ্ট হোৱা পাচলিৰ দাম সকলোতকৈ বেছি হৈছে, যিবোৰৰ ক্ষুদ্ৰ বিক্ৰেতাৰ ওচৰত বেছি পৰিমাণৰ সামগ্ৰী মজুত নাই। চাউল আৰু আটাৰ দামো সামান্য বৃদ্ধি হোৱা দেখা গৈছে। আনহাতে একাংশ অসাধু ব্যৱসায়ীয়ে লকডাউনৰ সুযোগ লৈ গ্ৰাহকৰ পৰা উচিত মূল্যতকৈ অত্যাধিক মাত্ৰত পইছা লোৱা দেখা গৈছে। এইক্ষেত্ৰত দেশত মুল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে তথা এই অসাধু ব্যৱসায়িক নাকি লগাবৰ বাবে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যনীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *