ৰাজ্যত অতি শীঘ্ৰে মুকলি হ’ব ১০০০ নতুন পদঃ হিমন্ত বিশ্ব শৰ্মা
ডিজিটেল ডেস্ক, বিতৰ্ক, ২ মে, শিৱসাগৰ :: ৰাজ্যৰ নিৱনুৱা সকলৰ বাবে ক’ৰনাৰ আতংকৰ মাজতে আহিছে এক ভাল খবৰ। অতি শীঘ্ৰে ৰাজ্যত মুকলি হ’ব পাৰে ১০০০ নতুন পদৰ। নিযুক্তিৰ বাবে দুই এদিনতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰিব বিজ্ঞাপন। ইফালে আজি স্বাস্থ্য বিভাগৰ হৈ যোৱা ৪৫২ টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। সেইদৰে আন আন বিভাগৰো পূৰ্বে নিৰ্ধাৰিত পদ সমূহ পূৰণৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে, ৰাজ্যৰ অৰ্থনৈতিক সমস্যাৰ বাবে অহা ৪,৫ বছৰলৈকে ৰাজ্যত কোনো ধৰণৰ নতুন নিযুক্তি দিয়া নহয় বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলি থকাৰ মাজতে মন্ত্ৰী শৰ্মাই কৰা এই ঘোষণাৰ ৰাজ্যৰ লাখ লাখ নিৱনুৱাক দিছে ব্যাপক সকাহ। ৰাজ্য চৰকাৰে কোনো নতুন নিযুক্তি বন্ধ নকৰে বুলি স্পষ্ট কৈ সংবাদমেলত জনাই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।