সন্ধিয়া ৬ বজাৰ পৰা চলা ফুৰা নিষিদ্ধঃ ৪ মে’ৰ পৰা ওভতিব পাৰিব উত্তৰ-পূৱৰ অন্য প্ৰান্তত আবদ্ধ লোক

ডিজিটেল ডেস্ক, বিতৰ্ক, ২ মে, শিৱসাগৰ :: শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আযোজন কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে চলা-ফুৰা নিষিদ্ধ কৰা হৈছে। সেইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৪ মে’ৰ পৰা অনুমতি অবিহনে উত্তৰ-পূৱৰ ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক ৰাজ্যলৈ ঘূৰি আহিব পাৰিব। সেইদৰে বহিঃৰাজ্যৰ পৰা নিজৰ বাহন লৈ আহিব পাৰিব লোকসকল।

ইয়াৰ উপৰিও সংবাদমেলত মন্ত্ৰী শৰ্মাই  ৰাজ্যৰ বাহিৰত যিসকল লোক অসমলৈ ঘূৰি আহিব তেওঁলোকক স্বাস্থ্য পৰীক্ষা বুলি অৱগত কৰে। বহিঃ ৰাজ্যৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ জিলালৈ গ’লে তেজপুৰত কৰা হ’ব এই স্বাস্থ্য পৰীক্ষা। আৰু স্বাস্থ্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰিহে যাবলৈ দিয়া হ’ব। সেইদৰে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়ালৈ গ’লে, যোৰহাটত কৰোৱা হ’ব স্বাস্থ্য পৰীক্ষা। ইয়াৰ উপৰিও বৰাক উপত্যকালৈ গ’লে শিলচৰত স্বাস্থ্য পৰীক্ষা কৰা হব বুলি অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *