শিৱসাগৰত বন বিভাগে জব্দ কৰিলে লক্ষাধিক টকাৰ কাঠ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২ মে, শিৱসাগৰ :: শিৱসাগৰত বন বিভাগৰ এক অভিযানত জিলাখনৰ ৰূপহীমুখত উদ্ধাৰ হয় লক্ষাধিক টকাৰ চোৰাং কাঠ। দীৰ্ঘদিনৰ পৰা অঞ্চলতোত অবৈধ ভাৱে নদীপথেৰে অৰুণাচলৰ পৰা চোৰাং ভাৱে কাঠৰ কুণ্ডা সৰবৰাহ কৰি ব্যৱসায় কৰি অহা তিনি ক’লা ব্যৱসায়ী ক্ৰমে বাবুল, তপন আৰু প্ৰফুল্লৰ আছিল বুলি সুত্ৰৰ পৰা জানিব পৰা গৈছে৷

বন বিভাগৰ অভিযানত অঞ্চলটোৰ নদীৰ কাষৰ দুটা গোপন স্থানত লুকুৱাই ৰখা অৱস্থাত ৬৮ টাকৈ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে। অসাধু ব্যৱসায়ী চক্ৰটোৱে সুদীৰ্ঘ দিনৰ পৰা অঞ্চলটোত গৌৰীসাগৰ আৰক্ষী আৰু শিৱসাগৰ বন বিভাগৰ এগৰাকী বন বিষয়াৰ লগত মিতিৰালি কৰি নিৰ্বিঘ্নে অবৈধ কাঠৰ ব্যৱসায় চলাই আহিছিল৷ যাৰ পৰিপ্ৰেক্ষিততে লকডাউনৰ নিৰ্দেশনা বলবৎ থকাৰ সময়তো প্ৰায় দহ লক্ষৰো অধিক মূল্যৰ কাঠ সৰবৰাহ কৰি মজুত কৰিবলৈ অসাধু ব্যৱসায়ী চক্ৰটোৱে সুবিধা লাভ কৰিছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *