অৱশেষত দেখা গল কিম জঙ উনক, কিন্তু ক’ত?
ডিজিটেল ডেস্ক, বিতৰ্ক, ২ মে, শিৱসাগৰ :: উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান কিম জঙ উনক অৱশেষত প্ৰায় তিনি সপ্তাহৰ পাছত ৰাজহুৱা অনুষ্ঠানত দেখা গল। বিগত কিছুদিন ধৰি কিম জঙ উনৰ উপস্থিতি নেদেখাৰ পাছত তেওঁৰ স্বাস্থ্যকলৈ বহুধৰণৰ বাতৰি আহিবলৈ ধৰিছিল। দেশখনৰ চৰকাৰী বাতৰি সংস্থা কেছিএনএ কয় প্ৰকাশ কৰিছে যে কিমে এটা নলা নিৰ্মাণকাৰী কাৰখানাৰ উদ্বোধন অনুষ্ঠানত উপস্থিত হৈ ইয়াৰ ফিটা কাটে। ইয়াৰ পূৰ্বে কিম জঙ উনক শেষবাৰৰ বাবে যোৱা ১২ এপ্ৰিলত এক অনুষ্ঠানত দেখা গৈছিল।
বিগত প্ৰায় বিছ দিনত কিম জঙৰ সম্পৰ্কত বিভিন্ন বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। দীৰ্ঘদিন ধৰি তেওঁক দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি তেওঁৰ স্বাস্থ্যক লৈ বিভিন্ন কথা প্ৰকাশ পাইছিল। তেওঁৰ অৱস্থা সংকটজনক বুলিও দাবী কৰা হৈছিল। উল্লেখ্য যে, আমেৰিকাৰ সংবাদ সংস্থা চিএনএনে হোৱাইট হাউছৰ বিষয়াৰ সূত্ৰ দাঙি ধৰি কিমৰ এক ছাৰ্জাৰীৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটা বুলি সদৰী কৰিছিল। কিম জঙ উনৰ ককাক কিম ছুংগ দ্বিতীয়ৰ বাৰ্ষিকী অনুষ্ঠানত তেওঁক দেখা নোপোৱাৰ পাছতে বিভিন্ন মহলত ব্যাপক চৰ্চা হৈছিল।