পুনৰ ১৪ দিনলৈ বৃদ্ধি লকডাউন

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ মে, শিৱসাগৰ :: পুনৰ দুসপ্তাহৰ বাবে সমগ্ৰ দেশজুৰি বৃদ্ধি কৰা হ’ল লকডাউন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কোভিড-১৯ৰ বাবে দ্বিতীয়বাৰলৈ বৃদ্ধি কৰিছে লকডাউন। ১৭ মে’লৈকে সমগ্ৰ দেশজুৰি লকডাউনৰ সময় বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশনাযোগে। ডিজেষ্টাৰ মেনেজমেন্ট এক্ট-২০০৫ৰ অধীনত ৪ মেৰ পৰা লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি এই সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনাও প্ৰস্তুত কৰা হৈছে। এতিয়াৰ পৰা সমগ্ৰ দেশক তিনিটা ভাগত বিভক্ত কৰি এই লকডাউনৰ নীতি-নিৰ্দেশনাসমূহ প্ৰয়োগ কৰা হ’ব।

উল্লেখ্য যে, কোভিড-১৯ৰ সংক্ৰমণৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ বিভিন্ন জিলা বা অঞ্চলসমূহক ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জ’নত বিভক্ত কৰা হৈছে। ৰেড জ’ন সমূহত পূৰ্বৰ দৰেই কঠোৰভাৱে নিয়মসমূহ মানিব লাগিব। অৱশ্যে গ্ৰীণ আৰু অৰেঞ্জ জ’নত লকডাউনৰ নীতি-নিৰ্দেশনা শিথিল কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *