অসমৰ কোন কোন জিলা আছে ৰেড জ’নত?
ডিজিটেল ডেস্ক, বিতৰ্ক, ১ মে, শিৱসাগৰ :: অসমত এতিয়াও চাৰিখন জিলা আছে ৰেড জ’নত। শেহতীয়াকৈ নলবাৰী আৰু গোলাঘাট জিলাক গ্ৰীন জ’ন ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়াও ৰেড জ’নত আছে মৰিগাঁও, ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাঁও। পূৰ্বে বঙাইগাঁও জিলা গ্ৰীন জ’নত আছিল যদিও শেহতীয়াকৈ নতুন আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেড জ’ন হিচাপে ঘোষণা কৰা হৈছে।
আনহাতে, অসমৰ অৰেঞ্জ জ’নত থকা জিলাসমূহ হ’ল ক্ৰমে দক্ষিণ শালমাৰা, লখিমপুৰ, কামৰূপ, কাছাৰ, কৰিমগঞ্জ, কামৰূপ মেট্ৰ’ আৰু হাইলাকান্দি। আনহাতে অসমৰ বাকী জিলাসমূহ আছে গ্ৰীন জ’নত।