ৰাজ্যত পুনৰ ৪ গৰাকী ক’ৰনা আক্ৰান্ত ৰোগী চিনাক্ত

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩০ এপ্ৰিল, শিৱসাগৰ :: ৰাজ্যত পুনৰ ৪ গৰাকীকৈ লোক ক’ৰনা ভাইৰাছত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে। ইয়াৰ আগতেও আন এগৰাকী কিশোৰীক চিনাক্ত কৰা হৈছিল। আজি চিনাক্ত কৰা ৰোগী কেইগৰাকী হৈছে ক্ৰমে বঙাইগাঁওৰ চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া,
অভয়াপুৰিৰ আমগুৰি (দ্বিতীয় খণ্ড)ৰ দীপক মৌল্লিক, দীপক মৌল্লিকৰ বয়স ৩২ বছৰ, শ্বহীদ বেদীৰ সমীপৰ ববিতা বাছফৰ আৰু ৰে’লৱে কলনীৰ বাসিন্দা মীনা বিশ্বকৰ্মা, মীনা বিশ্বকৰ্মাৰ বয়স ৬০ বছৰ বুলি জানিব পৰা গৈছে।

বৰ্তমান বঙাইগাঁওক প্ৰশাসনৰ তৰফৰ পৰা ৰেড জনলৈ ৰূপান্তৰ কৰা হৈছে। কিন্তু তাত্‍পৰ্যপূৰ্ণ কথাতো হ’ল যে, নতুনকৈ ক’ৰনাত আক্ৰান্ত হোৱা কেইজনৰ নাই কোনো কন্টেক্ট হিষ্ট্ৰী। এনেদৰে কন্টেক্ট হিষ্ট্ৰী নোহোৱাকৈ ক’ৰনাত আক্ৰান্ত হোৱা ৰোগী অসমত এয়াই প্ৰথম।

Leave a Reply

Your email address will not be published. Required fields are marked *