স্বেচ্ছাসেৱী সংগঠন জনসেৱাই বাতৰি কাকতৰ হকাৰক যোগান ধৰিলে অত্যাৱশ্যকীয় সামগ্ৰী

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩০ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱাই আজি বাতৰি কাকত বিতৰণেৰে জীৱন নিৰ্বাহ কৰা একাংশ হকাৰক সাহাৰ্য্য প্ৰদান কৰে। যোৱা কেইবাটাও বছৰ ধৰি সমাজৰ দূৰ্বল শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে কাম কৰি অহা ‘জনসেৱাই’ জিলাখনৰ ৰংঘৰ চাৰি আলি অঞ্চলত সাহাৰ্য্য প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত হকাৰসকলক চেনিটাইজাৰ, মাস্ক, চাবোন, নিমখ, দাইল, চাউলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহ প্ৰদান কৰে। অনুষ্ঠানত সংগঠনটোৰ অন্যতম বিষয়ববীয়া ড° সুমংগল শইকীয়া, সমাজ সচেতন ব্যক্তি বিপুল ওজা আৰু চুভান আলি উপস্থিত থকাৰ লগতে হকাৰসকলক মানুহৰ ঘৰে ঘৰে পুৱাৰ ভাগতেই বাতৰি কাকতখন দি উপকৃত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ইফালে অনুষ্ঠানতটোত উপস্থিত থাকি শিৱসাগৰৰ বিশিষ্ট সাংবাদিক এনামউদ্দিন আহমেদে লকডাউনৰ সময়ছোৱাত হকাৰসকলক কোনো পক্ষই সাহাৰ্য্য নকৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ লগতে জনসেৱাৰ দৰে আন আন অনুষ্ঠানসমূহক হকাৰ সকলক সাহাৰ্য্য প্ৰদান কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আনহাতে একাংশ দুষ্ট চক্ৰই বাতৰি কাকতৰ পৰা ক’ৰনা বিপয়ে বুলি অপপ্ৰচাৰ চলোৱাৰ বাবে লকডাউনৰ সময়ছোৱাত হকাৰ সকল আৰু তেওঁলোকৰ পৰিয়াললৈ দুৰ্যোগ নামি আহিছিল। এইক্ষেত্ৰত হকাৰ সন্থাই বাতৰি কাকতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা সকলক এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। উল্লেখ্য যে বাতৰি কাকত ঘৰে ঘৰে যোগান ধৰা ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰপৰা হকাৰসকলক অনুমতি প্ৰদান কৰিছিল। কিন্তু এই অনুমতি পত্ৰত কেৱল ৮ বজালৈকেহে সময় নিৰ্ধাৰণ কৰাত দূৰণীবটীয়া হকাৰ সকল ব্যাপক অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে। প্ৰশাসনে হকাৰৰ ক্ষেত্ৰত অতি কমেও দিনৰ ১১ বজালৈকে নিৰ্ধাৰণ কৰি অনুমতি দিবলৈ হকাৰসকলৰ লগতে সচেতন মহলে দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *